গুৱাহাটী, ৫ মাৰ্চ, ২০২৪ : আৰ ই চি পূৱ মণ্ডল মুকলি প্ৰতিভা সন্ধানী বক্সিং চেম্পিয়নশ্বিপ দ্বিতীয় ৰাউণ্ডলৈ ২০ গৰাকী অসমৰ খেলুৱৈৰ যোগ্যতা অর্জন। গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণ ৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত (Stadium) চলি থকা আৰ ই চি পূৱ মণ্ডল মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতাত এতিয়ালৈকে অসমৰ ২০ গৰাকী খেলুৱৈয়ে দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰে ১২ জন ল’ৰা তথা আঠ গৰাকী ছোৱালী বক্সাৰ৷

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ আৰু ভাৰতীয় বক্সিং ফেডাৰেছনৰ সহযোগত অসম বক্সিং সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনৰ উদ্বোধনীৰ দিনা ছাব-জুনিয়ৰ শাখাত তিনি গৰাকীকৈ ল’ৰা-ছোৱালীয়ে তথা জুনিয়ৰ শাখাতো সমসংখ্যক অসমৰ বক্সাৰে প্ৰথম ৰাউণ্ডৰ মেচত জয়লাভ কৰিবলৈ সক্ষম হৈছিল৷ আনহাতে, মঙলবাৰে ল’ৰাৰ ছাব-জুনিয়ৰ শাখাত চাৰি গৰাকী তথা জুনিয়ৰত দুজনে দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হোৱাৰ বিপৰীতে জুনিয়ৰ ছোৱালীৰ শাখাত দুগৰাকী বক্সাৰে প্ৰথম ৰাউণ্ডৰ মেচত জয়লাভ কৰে৷

জুনিয়ৰ ছোৱালীৰ ৪৪-৪৬ কিলোগ্ৰাম শাখাত অসমৰ তামান্না দাস গুপ্তাই ৰাজ্যৰে ৰাংধালী পাটগিৰিক ৪-১ ৰ ব্যৱধানত আৰু জানমনি বড়িয়ে নিহাৰিকা য়িনক ৫-০ ৰ ব্যৱধানত পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰে৷ কিন্তু এই ওজন শাখাতে খেলা অসমৰ নয়নমনি দলে অৰুনাচল প্ৰদেশৰ টাই পিনাৰ বিৰুদ্ধে ৪-১ ৰ ব্যৱধানত, পানি পেগু বংগৰ প্ৰেৰণা দে’ৰ বিৰুদ্ধে ৫-০ ৰ ব্যৱধানত, সীতা বড়ো মনিপুৰৰ থৈবিছানা চানুৰ বিৰুদ্ধে ৫-০ ৰ ব্যৱধানত আৰু ৪৬-৪৮ কিলোগ্ৰাম শাখাত অসমৰ প্ৰিয়ংকা মুছাহাৰী অৰুনাচল প্ৰদেশৰ নিয়াছুম বামৰ বিৰুদ্ধে ৩-২ ৰ ব্যৱধানত পৰাস্ত হয়৷

ইফালে, জুনিয়ৰৰ ল’ৰাৰ ৪৪-৪৬ কিলোগ্ৰাম শাখাত অসমৰ হিমাংশু বৰাই হাৰিয়ানাৰ শিৱম সিঙক ৫-০ ৰ ব্যৱধানত আৰু ৫৭-৬০ কিলোগ্ৰাম শাখাত শুভিৰাজ ৰগুই আয়োজক ৰাজ্যৰে আৰমান খানক পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হয়৷ কিন্তু ৫৪-৫৭ কিলোগ্ৰাম শাখাত খেলা অসমৰ আৰিয়ান কাশ্যপ অৰুনাচল প্ৰদেশৰ নাহাং ছুমনিয়ানৰ বিৰুদ্ধে, ৫০-৫২ কিলোগ্ৰাম শাখাত খেলা অসমৰ প্ৰিন্স দলে অৰুনাচল প্ৰদেশৰ হামামটালোৰ বিৰুদ্ধে ৩-২ ৰ ব্যৱধানত আৰু ৪৪-৪৬ কিলোগ্ৰাম শাখাত খেলা অসমৰ দিপাংকৰ দাস দিল্লীৰ সাগৰৰ বিৰুদ্ধে ৩-২ ৰ ব্যৱধানত পৰাস্ত হৈ বিদায় লয়৷

ইফালে, ছাব-জুনিয়ৰ ল’ৰাৰ ৪০-৪৩ কিলোগ্ৰাম শাখাত অসমৰ ছাইমন চেত্ৰীয়ে ৰাজ্যৰে আৰবিন সিঙক, ৪৬-৪৯ কিলোগ্ৰাম শাখাত খেলা অসমৰ ৰজনী দলে ৰাজ্যৰে জয়ন বড়োক, ৪৯-৫২ কিলোগ্ৰাম শাখাত খেলা অসমৰ অৱনিশ বৰুৱাই অৰুনাচল প্ৰদেশৰ কেনলি ডিনিক আৰু এই ওজন শাখাতে অসমৰ মিহিৰ মুছাহাৰীয়ে তামিলনাডুৰ বিধুনক ৪-১ ৰ ব্যৱধানত পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰে৷ বিপৰীতে ৪০-৪৩ কিলোগ্ৰাম শাখাৰ এখন মেচত তামিলনাডুৰ প্ৰভুই ৫-০ ৰ ব্যৱধানত পৰাস্ত কৰে অসমৰ আয়ান শইকীয়াক৷