গুৱাহাটী, ৬ মাৰ্চ, ২০২৪ : চলিত আৰ ই চি পূব মণ্ডল মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতাত (Boxing Championship) অসমৰ নৱাগত খেলুৱৈসকলে অনবদ্য প্ৰদৰ্শন কৰি ছেমিফাইনেল আৰু কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশৰে ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণ ৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত চলি থকা প্ৰতিযোগিতাখনত ল’ৰা আৰু ছোৱালীৰ ছাৱ-জুনিয়ৰ আৰু জুনিয়ৰৰ যি ৫৪ টা ওজন শাখাৰ খেল অনুষ্ঠিত হৈছে তাৰভিতৰত অসমৰ বক্সাৰসকলে প্ৰায়বোৰ ওজন শাখাৰে অন্তিম আঠত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে৷

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ আৰু ভাৰতীয় বক্সিং ফেডাৰেছনৰ সহযোগত অসম বক্সিং সন্থাই আয়োজন কৰা মাণ্ডলিক প্ৰতিযোগিতাখনত ইতিমধ্যে অসমৰ ৪১ গৰাকী বক্সাৰে ছেমিফাইনেল আৰু কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰি হাৰিয়ানত হ’বলগা ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিছে৷ ইয়াৰে ল’ৰাৰ ছাৱ-জুনিয়ৰ আৰু জুনিয়ৰত অসমৰ ২১ গৰাকী বক্সাৰে ছেমিফাইনেলত প্ৰৱেশ কৰি পদক জয়ো নিশ্চিত কৰিছে৷ উল্লেখ্য যে প্ৰতিযোগিতাখনত ল’ৰা আৰু ছোৱালীৰ ছাৱ-জুনিয়ৰত ১৩ টাকৈ ওজন শাখাৰ খেল হোৱাৰ বিপৰীতে জুনিয়ৰত উভয়ৰে ১৪ টাকৈ ওজন শাখাৰ খেল অনুষ্ঠিত হৈছে৷

ল’ৰাৰ জুনিয়ৰৰ বিভিন্ন ওজন শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰা অসমৰ বক্সাৰসকল হৈছে ক্ৰমে ৪৪-৪৬ কিলোগ্ৰাম শাখাত হিমাংশু বৰা, প্ৰিন্স গোৱালা, জগন্নাথ বৰ্মন, ৪৮-৫০ কিলোগ্ৰাম শাখাত অংকুৰ মেধি, মনীষ সিংহ, ৫৭-৬০ কিলোগ্ৰাম শাখাত নিপন, শুভিৰাজ ৰগু, ৬৬-৭০ কিলোগ্ৰাম শাখাত মৃদুপম বৰুৱা আৰু প্ৰিয়মজ্যোতি গগৈ৷ ইফালে, ল’ৰাৰ ছাৱ-জুনিয়ৰৰ বিভিন্ন ওজন শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰা অসমৰ বক্সাৰ সকল হৈছে ৩৩-৩৫ কিলোগ্ৰাম শাখাত মৃন্ময় সোণোৱাল, দ্বীপজ্যোতি দাস, দীপ পেগু, অভিজ্ঞান বৰা, ৪০-৪৩ কিলোগ্ৰাম শাখাত আয়ান শইকীয়া, ছাইমন চেত্ৰী, ৪৩-৪৬ কিলোগ্ৰাম শাখাত ধনঞ্জয় বড়ো, মিজিংছা ৰামছিয়াৰী, ৪৬-৪৯ কিলোগ্ৰাম শাখাত ৰজনী দলে, আনিশ শৰ্মা, ৫২-৫৫ কিলোগ্ৰাম শাখাত প্ৰাঞ্জল প্ৰতীম আৰু প্ৰশান্ত হাজৰিকা৷

আনহাতে, ছাৱ-জুনিয়ৰ ছোৱালীৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে ৪৩-৪৬ কিলোগ্ৰাম শাখাত নয়নজ্যোতি দলে, ৪৬-৪৯ কিলোগ্ৰাম শাখাত শ্ৰিয়া বড়ো, ছিনি হাজৰিকা, গাৰ্গি মজুমদাৰ, ছোনিয়া হালাম বড়ো, পৰিস্মিতা, প্ৰেমিকা বৰ্মাত্ৰি আৰু ফাৰহিন হাজৰিকা৷ ৪৯-৫২ কিলোগ্ৰাম শাখাত আইছিকা মোহন আৰু স্নিগ্ধা দাসেও কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে৷ জুনিয়ৰ ছোৱালীৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা অসমৰ খেলুৱৈসকল হৈছে ৪৪-৪৬ কিলোগ্ৰাম শাখাত জানমনি বড়ি, ৪৬-৪৮ কিলোগ্ৰাম শাখাত ভোগিতৰা পেগু, মাৰিন চুলতানা তথা বিতালি পেগু৷ ৫০-৫২ কিলোগ্ৰাম শাখাত শ্ৰিয়া চক্ৰৱৰ্তী নিশিতা পেগু, আদৰ্শনী, বিদিশা বৰুৱা আৰু কৌশিকা বৰা৷ ৫৪-৫৭ কিলোগ্ৰাম শাখাৰ অন্তিম আঠত স্থান নিশ্চিত কৰিছে অসমৰ ৰনছাং দলে৷