মানকাচৰ : মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত গৰাখহনীয়াৰ তাণ্ডৱ। যিকোনো মুহূৰ্তত উন্মক্ত হ’ব পাৰে ভাৰত-বাংলাদেশ সীমান্ত। কোকৰাডাঙ্গা আৰু কালাইৰ আলগাত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া। ব্ৰহ্মপুত্ৰ নদীৰ বুকুত জাহ যাব পাৰে ভাৰত-বাংলাদেশ সীমান্ত পৰীক্ষণ চকী আৰু সীমান্ত সংযোগী পথ।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাত বানৰ পিছত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে। বিশেষকৈ জিলাখনৰ কোকৰাডাঙ্গা আৰু কালাইৰ আলগাত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়াই ভাবুকি কঢ়িয়াই আনিছে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ২৫ কিলোমিটাৰ কাঁইটীয়া তাঁৰৰ বেৰৰ লগতে ভাৰত-বাংলাদেশ সীমান্ত পৰীক্ষণ চকী আৰু সীমান্ত সংযোগী পথলৈ।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কোকৰাডাঙ্গা আৰু কালাইৰ আলগাত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে আবন্টন দিয়া কেইবা কোটি টকাৰ জিঅ’ বেগ অথলে যোৱা পৰিলক্ষিত হৈছে। বানৰ পিছত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ পৰা মাত্ৰ প্ৰায় ৪ কিলোমিটাৰ নিলগত থকা ভাৰত-বাংলাদেশ সীমান্তত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া দেখিবলৈ পোৱা গৈছে।

ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে শীঘ্ৰে সীমান্ত সুৰক্ষা বাহিনীৰ পৰীক্ষণ চকী, সীমান্ত সংযোগী পথ নদীৰ বুকুত জাহ যাব। সীমান্ত সংযোগী পথ নদীৰ বুকুত জাহ গ’লেই ভাৰত-বাংলাদেশ সীমান্তৰ প্ৰায় ২৫ কিলোমিটাৰ কাঁইটীয়া তাঁৰৰ বেৰৰ প্ৰতি চৰম ভাবুকিত আহি পৰিব। আনকি মানচিত্ৰৰ পৰা নাইকিয়া হ’ব পাৰে মানকাচৰ সমষ্টি।

উল্লেখ্য যে আজিৰ পৰা প্ৰায় ত্ৰিশ বছৰ পূৰ্বে মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ নাছিল। কাঁইটীয়া তাঁৰৰ বেৰ নথকা সময়ত বাংলাদেশী দুস্কৃতিকাৰী নিশাৰ ভাগত মানকাচৰত প্ৰৱেশ কৰি চুৰি, ডকাইতি সংঘটিত কৰি সীমান্তৱৰ্তী লোকক অত্যাচাৰ চলাইছিল। সেই সময়ত মানকাচৰত প্ৰায় প্ৰতি নিশাই বাংলাদেশী দুস্কৃতিকাৰীয়ে আতংকত সৃষ্টি কৰিছিল।

কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণৰ পিছত মানকাচৰবাসীয়ে শান্তিৰে থাকিব পৰা হৈছে যদিও গৰাখহনীয়াৰ ফলত ত্ৰিশ বছৰ পুৰণি ঘটনাৰ পুনৰাবৃত্তি হোৱাৰ শংকাত ভুগিছে সীমান্তবৰ্তী ৰাইজ। সীমান্ত উন্মক্ত হৈ পৰিলে মানকাচৰৰ লগতে অসম তথা ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি চৰম ভাবুকি আহিব বুলি একাংশ লোকে শংকা ব্যক্ত কৰিছে।বুধবাৰে মানকাচৰ বিধায়ক আমিনুল ইছলাম, জিলা অতিৰিক্ত উপায়ুক্ত বনি ইনাম স্বাদাব আৰু ফেকামৰী খণ্ড উন্নয়ন বিষয়া তুলসী ৰঞ্জন কলিতাই গৰাখহনীয়া প্ৰভাৱিত অঞ্চল পৰিদৰ্শন কৰে।

উল্লেখ্য যে দক্ষিণ শালমাৰা- মানকাচৰ জিলাৰ মানকাচৰৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৰ কোকৰাডাঙ্গা আৰু কালাইৰ আলগাত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ইতিমধ্যে কেইবা কোটি টকাৰে জিঅ’ বেগৰ কাম কৰা হৈছে। কিন্তু কামৰ দ্বায়িত্ব লাভ কৰা বিভাগীয় ঠিকাদাৰে সঠিকভাৱে কাম নকৰাত জিঅ’ বেগ সমূহ ব্ৰহ্মপুত্ৰ নদীত উটি যাবলৈ ধৰিছে বুলি অভিযোগ উত্থাপন কৰিলে ৰাইজে।