হাটশিঙিমাৰী : হাটশিঙিমাৰী জিলা প্ৰশাসনৰ উদ্যোগত আজাদি কা অমৃত মহোৎসৱ উপলক্ষে ৰথ যাত্ৰা। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ফেকামৰী উন্নয়ন খণ্ডৰ অধীনত ১৪ খন গাঁও পঞ্চায়তত আজাদি কা অমৃত মহোৎসৱ উপলক্ষে উলিওৱা হয় ৰথ যাত্ৰা।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ফেকামৰী উন্নয়ন খণ্ডৰ অধীনত জিলা প্ৰশাসনৰ উদ্যোগত ১৪ খন গাঁও পঞ্চায়ত বৃহস্পতিবাৰে আজাদি কা অমৃত মহোৎসৱ উপলক্ষে এক ৰথ যাত্রা উলিওৱা হয়। উপায়ুক্ত পল্লৱী সৰকাৰ আৰু জিলা আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱালে এই ৰথ যাত্ৰাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে।

১৪ টা গাঁও পাঞ্চায়তত ৰথ যাত্ৰা সমাপ্ত হোৱাৰ পিছত শুকুৰবাৰে মানকাচৰ উন্নয়ন খণ্ডৰ অধীনস্থ ১৫ খন গাঁও পঞ্চায়ত আৰু শনিবাৰে দক্ষিণ শালমাৰা উন্নয়ন খণ্ডৰ অধীনত ৬ খন গাঁও পঞ্চায়তত ৰথ যাত্ৰা উলিওৱা হ’ব। আজাদি কা অমৃত মহোৎসৱ উপলক্ষে জিলাখনত ১৪ তাৰিখে এক বৃহৎ নাও খেল অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলোৱা হৈছে।

ইফালে ৭৫ তম স্বাধীনতা দিৱসৰ বৰ্ষপূতি উপলক্ষে হাটশিঙিমাৰী মহাবিদ্যালয়ৰ এন এছ এছ গোটে এক বিশাল শোভাযাত্ৰা উলিয়াই। ৰাষ্ট্ৰীয় সুৰক্ষা যোজনাৰ উদ্যোগত উলিওৱা এই বিশাল শোভাযাত্ৰা আনুষ্ঠানিকভাৱে মুকলি কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ জহিৰুল ইছলামে। এন এছ এছৰ সদস্য সকলৰ লগতে মহাবিদ্যালয়খনৰ তিনি শতাধিক ছাত্ৰ-ছাত্ৰী হাতে হাতে ৰাষ্ট্রীয় পতাকা লৈ শোভাযাত্ৰাত অংশগ্ৰহণ কৰে।