বিশ্বনাথ চাৰিআলি, সংবাদ ৩৬৫, ৩০ জুনঃ বিশ্বনাথ চাৰিআলিৰ নগৰৰ সমীপৰ প্ৰতাপ গড়ত শনিবাৰে নিশা প্ৰায় ৯.৩০ বজাত সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হোৱাৰ লগতে অৰুনাচলৰ পৰা শ্বিলং অভিমুখে গৈ থকা এ আৰ এক্স ০৫২৯ নম্বৰৰ যাত্ৰীবাহী বাছখন জ্বলিভষ্মিভূত হয়।

জানিবপৰা অনুসৰি ইটানগৰৰ পৰা শ্বিলং অভিমুখে আহি থকা যাত্ৰীবাহী বাছখনে বিশ্বনাথ চাৰিআলি নগৰ অতিক্ৰম কৰি আহি প্ৰতাপগড় পাওতেই বিপৰীত দিশৰ পৰা এখন তিব্ৰবেগী বাইকে প্ৰচণ্ড জোৰৰে খুণ্ডা মাৰে। গাড়ীখনত খুন্দা মাৰাৰ ফলত এজন বাইক আৰোহী ৰাজপথত চিতিকি পৰি থিতাতে নিহত হোৱাৰ উপৰিও আনজন বাইক আৰোহী বাইক সহ গাড়ীখনৰ তলত সোমাই যায়।

বাইক আৰোহীসহ বাইকখন প্ৰায় ২০০ মিটাৰ দুৰ গাড়ীখনে চোচোৰাই অনাৰ ফলত বাইক খন দাও দাওকৈ জ্বলি উঠে। লগে লগে উক্ত জুইয়ে সমগ্ৰ গাড়ীখন আগুৰি ধৰে। অৱশ্যে বাচখনৰ ৩৫ গৰাকী আৰোহী আৰু চালক হেণ্ডিমেন সকলে কোনোমতে প্ৰান বচাবলৈ সক্ষম হয়। ইফালে গাড়ী খনৰ তলতে বাইক খন জ্বলি যোৱাৰ ফলত আনজন বাইক আৰোহি বাইক সহ জ্বলি চাৰখাৰ হয়।

ইফালে অগ্নিনিৰ্বাপক বাহিনীৰ চাৰিখন গাড়ীৰে প্ৰায় এঘণ্টা সময় চেষ্টা কৰি জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। ইতিমধ্যে বিশ্বনাথ আৰক্ষীয়ে ক্ৰেনৰ সহায়ত ভষ্মিভুত গাড়ীখন বিশ্বনাথ চাৰিআলি থানালৈ অনাৰ ব্যৱস্থা কৰিছে। উক্ত দুৰ্ঘটনাৰ ফলত প্ৰায় ডেৰ ঘন্টাৰ বাবে ১৫ নং ৰাষ্টীয় ঘাই পথৰে যাতায়ত ব্যাহত হয়।