গুৱাহাটীৰ পৰা নন্দিনী মহন্ত, সংবাদ ৩৬৫, ৩০ জুন : মুখত পেঁপা, ডিঙিত গামোচা আৰু পিঠিত জাপি লৈ নতুন ৰূপত ওলাইছে অসমী দুৰা কাছৰ আৰ্হি। মহানগৰী গুৱাহাটীৰ এগৰাকী যুৱ শিল্পীয়ে এক নতুন ৰূপ প্ৰদান কৰিছে অসমী দুৰা কাছৰ আৰ্হিক। গঁড়ৰ লগতে অসমী দুৰা কাছক বিশ্ববাসীৰ ওচৰলৈ নিয়াৰ এক বিশেষ প্ৰয়াস শিল্পী গৰাকীৰ।

ৰূপাঙ্কৰ ভট্টাচাৰ্য নামৰ মহানগৰীৰ এগৰাকী যুৱ শিপ্লীয়ে অসমী দুৰা কাছৰ আৰ্হি নিৰ্মান কৰিছে এক নতুন ৰূপত। মুখত পেঁপা, ডিঙিত গামোচা আৰু পিঠিত জাপি অংকন কৰি শিল্পী গৰাকীয়ে অসমী দুৰা কাছৰ এক বিশেষ আৰ্হি নিৰ্মান কৰিছে।

অসম বিশ্ববাসীৰ ওচৰত এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত যদিও গঁড়ৰ উপৰিও অসম অন্যান্য বহু বন্যপ্ৰাণীৰ বিচৰণস্থলী। গঁড়ক অসমত যিদৰে প্ৰাধান্য প্ৰদান কৰা দেখিবলৈ পোৱা যায় অন্যান্য বন্যপ্ৰাণীক তেনে প্ৰাধান্য প্ৰদান কৰা দেখিবলৈ কম পোৱা যায়। অসমৰ নৈ-পুখুৰী আৰু আদ্ৰভূমি সমূহত এটা সময়ত বিভিন্ন প্ৰজাতিৰ কাছাৰ উভৈনদী আছিল। উপযুক্ত সংৰক্ষণৰ অভাৱত অসমৰ নৈ-পুখুৰী আৰু আদ্ৰভূমি সমূহৰ পৰা বহু প্ৰজাতিৰ কাছৰ বিলুপ্তি ঘটিছে।

অসমী দুৰা কাছ অসমৰ নৈ-পুখুৰী আৰু আদ্ৰভূমি সমূহত উপলব্ধ এনে এক প্ৰজাতিৰ কাছ যাৰ নামৰ লগত সংলগ্ন হৈ আছে অসমৰ নাম। অসমী দুৰা কাছ সংৰক্ষণৰ লগতে ইয়াৰ গুৰুত্ব আৰু প্ৰচাৰৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৰূপাঙ্কৰ ভট্টাচাৰ্য নামৰ গুৱাহাটীৰ এগৰাকী যুৱ শিল্পীয়ে। শিপ্লী গৰাকীয়ে অসমী দুৰা কাছৰ আৰ্হি নিৰ্মান কৰি কাছৰ পিঠিত অংকন কৰিছে জাপি, ডিঙিত পিন্ধাইছে গামোচা আৰু মুখত পেঁপা সংস্থাপন কৰি বজাৰত মেলি দিছে ৰাইজৰ বাবে।

গঁড়ৰ লগতে অসমী দুৰা কাছৰ এই আৰ্হিয়ে এফালে অসমক প্ৰতিনিধিত্ব কৰাৰ লগতে আনফালে এই প্ৰজাতিৰ কাছৰ সংৰক্ষণৰ প্ৰতিও চৰকাৰ আৰু বন্যপ্ৰাণী সংৰক্ষণৰ লগত জড়িত সন্থা সমূহৰ দৃষ্টি আকৰ্ষণ কৰিব বুলি ৰূপাঙ্কৰ আশাবাদী। ৰূপাঙ্কৰে নিৰ্মান কৰা অসমী দুৰা কাছৰ আৰ্হি ইতিমধ্যে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বহু প্ৰতিষ্ঠানে ৰূপাঙ্কৰৰ নিৰ্মিত অসমী দুৰা কাছৰ আৰ্হি ক্ৰয় কৰিছে।

ৰূপাঙ্কৰ শিল্পী হোৱাৰ লগতে হেল্প আৰ্থ নামৰ বন্যপ্রাণী সংৰক্ষণৰ এটি বেচৰকাৰী সন্থাৰ লগতো জড়িত। অসমী দুৰা কাছৰ আৰ্হি বিক্ৰী কৰি পোৱা ধন ৰূপাঙ্কৰ হেল্প আৰ্থ নামৰ বন্যপ্রাণী সংৰক্ষণৰ লগত জড়িত বেচৰকাৰী সন্থাৰ মাধ্যমেৰে বন্যপ্ৰাণী সংৰক্ষণৰ বাবে ব্যয় কৰে।