নিউজ ডেস্ক, ২৯ এপ্ৰিল, ২০২৪ : এক ভয়ংকৰ ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত দাও দাওকৈ জ্বলি উঠিল এখন ট্ৰাক। আহত ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন। আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন হয় যদিও ট্ৰাকখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অগ্নিকাণ্ডৰ (Fire Incident) কাৰণ জানিব পৰা হোৱা নাই।

সোমবাৰে দুপৰীয়াৰ ভাগত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। ৰাজপথৰ ওপৰতে হঠাৎ দাও দাওকৈ জ্বলি উঠে এখন ট্ৰাক। ৰাজপথৰ ওপৰতে এখন ট্ৰাক দাও দাওকৈ জ্বলি উঠাৰ দৃশ্য আছিল অতি ভয়াবহ। এই দৃশ্য দেখি এক আতংকময় পৰিৱেশ সৃষ্টি হয়। অগ্নিকাণ্ডত কথমপি প্ৰাণ ৰক্ষা পৰে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনজনৰ। ৰাইজে আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নিৰ্বাপন কৰে।

আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দল অগ্নিকাণ্ডৰ খবৰ পাই ততাতৈয়াকৈ দুর্ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে যদিও ট্ৰাকখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়। ট্ৰাকখনৰ চালকজনে অভিযোগ কৰে যে অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত দেৰিকৈ উপস্থিত হোৱাৰ ফলত অগ্নিকাণ্ডই ভয়ংকৰ ৰূপ ধাৰণ কৰে। ট্ৰাকখনত ৰবৰ ভৰ্তি আছিল বুলিও ট্ৰাকখনৰ চালকজনে জানিবলৈ দিয়ে। চালকজন সামান্য আঘাতপ্ৰাপ্ত হৈছে যদিও হেণ্ডিমেনজনৰ আঘাত গুৰুত্বৰ।

আহত ট্ৰাকচালক আৰু হেণ্ডিমেনজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। এই ভয়ংকৰ দুর্ঘটনা সংঘটিত হৈছে মেঘালয়ৰ নংপো আৰু উমৰংছুৰ মাজত ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত। জানিব পৰা ঘাইপথত ট্ৰাকখন ৰখাই চালক আৰু হেণ্ডিমেনজন ট্ৰাকৰ ভিতৰত শুই আছিল। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও বিদ্যুৎ বিজুতিৰ ফলত জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।