নিউজ ডেস্ক, ২৯ এপ্ৰিল, ২০২৪ : উত্তৰ পূব সীমান্ত (North East Frontier Railway) ৰে’লৱেৰ দালাল আৰু যাত্ৰীৰ সামগ্ৰী চোৰৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। ২০২৩-২৪ বৰ্ষৰ সময়ছোৱাত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰেলৱে সুৰক্ষা বাহিনীৰ দ্বাৰা ১৭৩ জন দালাল আৰু যাত্ৰীৰ সামগ্ৰী চুৰিৰ সৈতে জড়িত ৪৩৭ জন লোকক গ্ৰেপ্তাৰ। দালালৰ পৰা ২২.৮১ লাখ টকাৰো অধিক মূল্যৰ ৰে’লৱে টিকট উদ্ধাৰ।  

দালালৰ উপদ্ৰৱ নিয়ন্ত্ৰণ কৰাৰ বাবে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে নিয়মীয়াকৈ অভিযান চলাই আহিছে। শেহতীয়াকৈ ২৩ ৰ পৰা ২৫ এপ্ৰিল, ২০২৪ লৈ সংমণ্ডলটোত চলোৱা অভিযানকালত ৰে’লৱে সুৰক্ষা বাহিনীয়ে ২ জন দালালক গ্ৰেপ্তাৰ কৰাৰ লগতে দালাল দুজনৰ কবলৰ পৰা ১৭ হাজাৰ টকাৰো অধিক মূল্যৰ ৰে’লৱে টিকট উদ্ধাৰ কৰে। এই সময়ছোৱাত যাত্ৰীৰ সামগ্ৰী চুৰিৰ সৈতে জড়িত এজন লোককো গ্ৰেপ্তাৰ কৰা হয়।
২০২৩-২৪ বৰ্ষৰ সময়চলছোৱাত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ দ্বাৰা ১৭৩ জন দালালক গ্ৰেপ্তাৰ কৰা হয়। প্ৰয়োজন সাপেক্ষে চৰকাৰী ৰে’লৱে আৰক্ষী আৰু স্থানীয় আৰক্ষীৰ সহযোগিতাত অভিযান চলোৱা হৈছে। তালাচী আৰু অভিযানৰ সময়ত ২২.৮১ লাখ টকা মূল্যৰ ১১৭৯ টা ৰে’লৱে টিকট উদ্ধাৰ কৰা হয়। লগতে, যাত্ৰীৰ সামগ্ৰী চুৰিৰ সৈতে জড়িত থকাৰ বাবে ২০২৩-২৪ বৰ্ষৰ সময়ছোৱাত ৪৩৭ জন লোকক।গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰ কৰা লোকসকলৰ বিৰুদ্ধে ৰে’ল আইনৰ সংশ্লিষ্ট ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হয়।

২৩ এপ্ৰিল, ২০২৪ তাৰিখে সংঘটিত এক ঘটনাত, ডালখোলাৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ দলে পশ্চিম বংগৰ উত্তৰ দিনাজপুৰত অৱস্থিত ‘মুখলেশ ট্ৰেভেলছ ছাৰ্ভিচ’ত তালাচী আৰু অনুসন্ধান অভিযান চলায়। অভিযানৰ সময়ছোৱাত দলটোৱে প্ৰায় ১৩,৮২০ টকা মূল্যৰ ৫ টা ই-টিকট উদ্ধাৰ কৰাৰ লগতে এই সন্দৰ্ভত এজন দালালক গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণৰ বাবে ৰে’ল আইনৰ ১৪৩ ধাৰাৰ অধীনত ডালখোলা পোষ্টত এটা গোচৰ ৰুজু কৰা হয়। ২৪ এপ্ৰিল, ২০২৪ তাৰিখে চলোৱা আন এক অভিযানত আলিপুৰদুৱাৰৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ দলে এজন দালালক গ্ৰেপ্তাৰ কৰে আৰু প্ৰায় ৩,৪৪০ টকাৰ ১ খন ৰে’ল টিকট উদ্ধাৰ কৰে। পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণৰ বাবে ৰে’ল আইনৰ ধাৰা ১৪৩ ৰ অধীনত আৰপিএফ পোষ্ট নিউ কোচবিহাৰত এটা গোচৰ ৰুজু কৰা হয়।

২৫ এপ্ৰিল, ২০২৪ তাৰিখে, কাটিহাৰৰ জিআৰপি দলৰ সৈতে যুটীয়াভাৱে কাটিহাৰৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ দলে কাটিহাৰ ৰে’ল ষ্টেচনত তালাচী চলায় আৰু এজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে লোকজনৰ জিম্মাৰ পৰা এটা চুৰি হোৱা মোবাইল ফোন উদ্ধাৰ কৰে। পিছত, উদ্ধাৰ হোৱা ম’বাইলৰ সৈতে গ্ৰেপ্তাৰ কৰা লোকজনক পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট জিআৰপিৰ ভাৰপ্ৰাপ্ত বিষয়াৰ হাতত অৰ্পন কৰা হয়। ৰে’লৱে টিকটৰ অননুমোদিত আৰু অবৈধ ক্ৰয় বিক্ৰয়ৰ ওপৰত তীক্ষ্ণ সতৰ্কতা অৱলম্বন কৰাৰ উপৰিও, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে যাত্ৰীসকলক নিৰাপত্তা নিশ্চিত কৰা কামৰ উপৰিও ৰে’ল ব্যৱহাৰকাৰীসকলক সেৱা আৰু সহায় প্ৰদান কৰিবলৈ সদায় সাজু হৈ থাকে। উত্তৰ পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই ৰে’ল ভ্ৰমণৰ সময়ত যাতে যাত্ৰীসকলে কোনো সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে সঠিক টিকটৰ সৈতে যাত্ৰীসকলক ভ্ৰমণ কৰিবলৈ অনুৰোধ জনাইছে।