নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৮ ডিচেম্বৰ : ১৮ ডিচেম্বৰ অৰ্থাৎ বুধবাৰে “কা”ৰ সন্দৰ্ভত চুপ্ৰিম কৰ্টৰ প্ৰথম শুনানি। চুপ্ৰিম কৰ্টে আইনখন বাতিলৰ সন্দৰ্ভত কোনোধৰণৰ নিৰ্দেশ নিদিলে।

২২ জানুৱাৰীত পুনৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব চুপ্ৰিম কৰ্টে।মুখ্য ন্যায়াধীশ এছ এ বোবডেৰ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে শুনানি গ্ৰহণ কৰিছিল। এই বিচাৰপীঠখনত আছিল ন্যায়াধীশ বি আৰ গভাই আৰু সূৰ্যকান্ত ।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ন্যায়ালয়ত দাখিল কৰা হৈছিল মুঠ ৫৯ খন লিখিত আবেদন।