হাজো, সংবাদ ৩৬৫, ১৮ ডিচেম্বৰ : কামৰূপ জিলাৰ হাজোৰ বৰম্বৈত মঙলবাৰে নিশা এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ড ফলত বৰম্বৈত ১৪খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান জুইত জাহ যোৱা বুলি জানিব পৰা গৈছে।

অগ্নিকাণ্ডত জাহ যোৱা ১৪খনকৈ ব্যৱসায়িক প্ৰথিষ্ঠানৰ প্ৰায় ৫০ লক্ষাধিক টকাৰ সামগ্ৰী সম্পূৰ্ণৰূপে ভস্মীভূত হোৱা বুলিও জানিব পৰা গৈছে। নিশাৰ ভাগত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ সূত্ৰপাত শ্বৰ্ট-চাৰ্কিট ফলত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। স্থানীয় ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপক বাহিনীৰ গাডীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।