শিলচৰ : অসম আৰক্ষীয়ে ড্ৰাগছমুক্ত অসমৰ লক্ষ্য আগত ৰাখি ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে। বিগত সময়ছোৱাত অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই কেইবাটাও উল্লেখযোগ্য সাফল্য লাভ কৰিছে। ইতিমধ্যে উজনিৰ পৰা নামনিলৈকে চলা অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ।

অসম আৰক্ষীয়ে ৰাজ্যখনত ড্ৰাগছ বিৰোধী অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে কেইবাজনো ড্ৰাগছ মাফিয়াক। উজনি-নামনিৰ লগতে বৰাকতো অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। বিশেষকৈ কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক আইপিএছ বিষয়া বৈভৱ চি নিম্বালকাৰৰ উদ্যোগত জিলাখনত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অভিযান অধিক তীব্রতৰ হৈ উঠিছে।

জিলাখনৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব পোৱাৰ পিছৰে পৰা বৈভৱ চি নিম্বালকাৰে নিজৰ আৰক্ষীৰ দলটোক ড্ৰাগছৰ বিৰুদ্ধে অধিক সক্ৰিয় কৰি তুলিছে। ইতিমধ্যে তথ্য পোৱাৰ লগে লগে দলটোৱে সমাজৰ মহামাৰীৰূপী ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বহু সাফল্য লাভ কৰিছে। কাছাৰ আৰক্ষীৰ তথ্য অনুসৰি যোৱা এসপ্তাহত দুটা পৃথকস্থানত অভিযান চলাই ১০০ কিলোগ্ৰামতকৈও অধিক গাঞ্জা উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

আৰক্ষীয়ে গাঞ্জা জব্দ কৰাৰ লগতে তিনিজনকৈ অভিযুক্তকো গ্ৰেপ্তাৰ কৰিছে। প্ৰথম অভিযানটো থালিগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত থালিগ্ৰাম বস্তিত চলোৱা হৈছিল। আৰক্ষীয়ে অভিযানৰ সময়ত ৮২ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰাৰ লগতে দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল। এক গোপন খবৰৰ ভিত্তিত দ্বিতীয়টো অভিযান চলাই আৰক্ষীয়ে সোনাই ৰোডৰ এখন স্কুটীত লুকুৱাই থোৱা অৱস্থাত ২৫.১০ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰে। আৰক্ষীয়ে ইয়াৰ লগত জড়িত এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

কাছাৰ জিলাৰ জিলাৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব লাভ কৰাৰ পিছৰে পৰা আইপিএছ বিষয়া বৈভৱ চি নিম্বালকাৰে যিদৰে জিলাখনক ড্ৰাগছমুক্ত কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে ইয়াক জিলাবাসীয়ে শলাগ লৈছে। কাছাৰবাসীয়ে আৰক্ষী অধীক্ষক বৈভৱ চি নিম্বালকৰক ভূয়সী প্ৰশংসা কৰাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰি অনাগত দিনত এই অভিযান অব্যাহত ৰখাৰ বাবে অনুৰোধ জনাইছে।