গোলাঘাট জিলাত ক’ভিড সম্পৰ্কীয় নতুন নিৰ্দেশনা : ২৪ ঘণ্টাই থাকিব সান্ধ্য আইন

In ৰাজ্য
Umra Package

গোলাঘাট

১৫ জুলাই

গোলাঘাট জিলাত ক’ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে কেতবোৰ নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি জিলাখনত পূৰ্বৰ দৰেই ২৪ ঘণ্টাই সান্ধ্য আইন অব্যাহত থাকিব। গেলামালৰ দোকান, ফল-মূল আৰু শাক-পাচলিৰ দোকান, পশু খাদ্য, হাঁহ-কুকুৰাৰ খাদ্য আৰু সাৰৰ দোকান দিনৰ ১ বজালৈকে খোলা ৰাখিব পাৰিব।

সকলো ধৰ্মীয় অনুষ্ঠান, ব্যৱসায় প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়-প্ৰতিষ্ঠান, ৰেষ্টুৰেণ্ট, ধাবা আৰু খাদ্য বিপনী, বিক্ৰী কেন্দ্ৰ, শ্ব’ ৰুম, মল আদি বন্ধ থাকিব জিলাখনত। শীতল ভঁৰালসমূহ কেৱল মেৰামতিৰ কামৰ বাবে দিনৰ ১ বজালৈকে খোলা ৰাখিব পাৰিব। ই-কমাৰ্চৰ গুদামসমূহ দিনৰ ৩ বজালৈকে খুলিব পাৰিব।

গেলামালৰ পাইকাৰী দোকান আৰু গুদামসমূহ দিনৰ ২ বজালৈকে খুলিব পাৰিব। জিলাখনত ফাৰ্মাচী আৰু গাখীৰ বিক্ৰী কেন্দ্ৰসমূহ ২৪ ঘণ্টাই খোলা ৰাখিব পাৰিব। এই নিৰ্দেশ ১৬ জুলাই পুৱা ৫ বজাৰ পৰা কাৰ্যকৰী হ’ব। জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ মৃগেশ নাৰায়ণ বৰুৱাই জাৰি কৰিছে এই নিৰ্দেশনা।

নিৰ্দেশনাটোত কোৱা হৈছে যে উক্ত নিৰ্দশনা সমূহৰ বাহিৰে অন্য নিৰ্দেশনাসমূহ যোৱা ৬ জুলাইৰ নিৰ্দেশনামতেই বাহাল থাকিব। এই সময়ছোৱাত গোলাঘাটত পেট্ৰল পাম্প, গেছ এজেঞ্চি, বেংক, চাহ বাগিচা আৰু অন্য জৰুৰী সেৱাসমূহ পূৰ্বৰ দৰে খোলা থাকিব। পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে গোলাঘাট জিলাত এই নিৰ্দেশনা বাহাল থাকিব।

You may also read!

Royal Enfield : জু ৰোডৰ ৪ এচেছ শ্ব’ৰুমত ৰয়েল এনফিল্ড হিমালয়ান তিনিটা ৰঙৰ মুকলি

গুৱাহাটী : গুৱাহাটীৰ দূৰদৰ্শন কেন্দ্ৰৰ বিপৰীতে থকা ৪ এচেছ এনফিল্ড বিটেইল প্রাইভেট লিমিটেডত তিনিটা নতুন ৰঙৰ ৰয়েল এনফিল্ড (Royal

Read More...

Gate Hospital : গেট হস্পিতালত সাংবাদিকক হেলঠ কাৰ্ড প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভণি

গুৱাহাটী : গেট হস্পিতালত (Gate Hospital) সাংবাদিকক হেলঠ কাৰ্ড প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভণি। গঠন কৰা হ'ল "গেট হস্পিতাল জনকল্যান সমিতি"।

Read More...

Two Arrested : ওৰাং আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ নগদ ধনসহ দুজন

Jatin Nath ওৰাং : ওৰাং আৰক্ষীৰ বৃহৎ সাফল্য। বৃহৎ পৰিমাণৰ নগদ ধনসহ দুজন লোকক গ্ৰেপ্তাৰ ওৰাং আৰক্ষীৰ (Two Arrested)।

Read More...

Mobile Sliding Menu