নিউজ ডেস্ক, ১২ ফেব্ৰুৱাৰী, ২০২৪ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Narendra Modi) সোমবাৰে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে নৱনিযুক্ত ১ লাখতকৈও অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰে। প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীৰ সমন্বিত কমপ্লেক্স ‘কৰ্মযোগী ভৱন’ৰ প্ৰথম পৰ্যায়ৰ আধাৰশিলাও স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে নৱনিযুক্ত প্ৰাৰ্থী আৰু সমবেত লোকসকলক সম্বোধন কৰি কয় যে ভাৰত চৰকাৰে চৰকাৰী চাকৰিত যুৱপ্ৰজন্মৰ সংস্থাপনৰ অভিযান পূৰ্ণগতিত অব্যাহত ৰাখিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমানৰ চৰকাৰে নিৰ্ধাৰিত সময়ৰ ভিতৰতে নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ লগতে সমগ্ৰ প্ৰক্ৰিয়াটো স্বচ্ছ কৰি তুলিছে। ইয়াৰ ফলত যুৱক-যুৱতীয়ে মেধা আৰু যোগ্যতাৰ ভিত্তিত তেওঁলোকৰ সামৰ্থ্য প্ৰদৰ্শন কৰাৰ সুযোগ পাইছে। প্ৰধানমন্ত্ৰীয়ে জনায় যে বৰ্তমানৰ চৰকাৰে যোৱা ১০ বছৰত পূৰ্বৰ চৰকাৰতকৈ ১.৫ গুণ বেছি চাকৰিত যুৱপ্ৰজন্মক নিযুক্ত কৰিছে। প্ৰধানমন্ত্ৰীয়ে বাজেট প্ৰসংগত প্ৰায় ১ কোটি ছাদৰ সৌৰ প্ৰকল্পৰ কথা উল্লেখ কৰে যিয়ে পৰিয়ালসমূহৰ বিদ্যুতৰ বিল হ্ৰাস কৰিব আৰু তেওঁলোকে গ্ৰিডলৈ বিদ্যুৎ যোগান ধৰি ধন উপাৰ্জন কৰিবলৈ সক্ষম হ’ব।

এই আঁচনিয়ে লাখ লাখ নতুন চাকৰিও সৃষ্টি কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে কয়। প্ৰায় ১.২৫ লাখ ষ্টাৰ্টআপৰ সৈতে ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰলৈ ৰূপান্তৰিত হোৱা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনন্দ প্ৰকাশ কৰে। যিহেতু এই ষ্টাৰ্টআপবোৰে নতুন চাকৰিৰ সুযোগ সৃষ্টি কৰিছে, সেয়ে শেহতীয়া বাজেটত ষ্টাৰ্টআপবোৰৰ বাবে কৰ ৰেহাই অব্যাহত ৰখাৰ কথা ঘোষণা কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে গৱেষণা আৰু উদ্ভাৱনৰ প্ৰসাৰৰ বাবে বাজেটত ঘোষণা কৰা ১ লাখ কোটি পুঁজিৰ কথাও উল্লেখ কৰে। সংযোগৰ সুদূৰপ্ৰসাৰী প্ৰভাৱৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে নতুন বজাৰ, পৰ্যটনৰ সম্প্ৰসাৰণ, নতুন ব্যৱসায় আৰু উন্নত সংযোগৰ ফলত লাখ লাখ চাকৰি সৃষ্টিৰ কথা উল্লেখ কৰে। “উন্নয়ন ত্বৰান্বিত কৰাৰ বাবে আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিনিয়োগ বৃদ্ধি কৰা হৈছে”, প্ৰধানমন্ত্ৰীয়ে কয় যে শেহতীয়া বাজেটত আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিনিয়োগৰ বাবে ১১ লাখ কোটি টকা ধাৰ্য কৰা হৈছে। নতুন ৰে’ল, পথ, বিমানবন্দৰ আৰু জলপথ প্ৰকল্পই নতুন চাকৰিৰ সুযোগ সৃষ্টি কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে কয়। নতুন নিযুক্তিসমূহৰ বহু অৰ্ধসামৰিক বাহিনীত সম্পন্ন হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে অৰ্ধসামৰিক বাহিনীৰ বাবে বাছনি প্ৰক্ৰিয়াৰ সংস্কাৰত গুৰুত্ব দিয়া বুলি জানিবলৈ দিয়ে আৰু কয় যে বিগত জানুৱাৰীৰ পৰা হিন্দী আৰু ইংৰাজীৰ বাহিৰেও আন ১৩ টা ভাৰতীয় ভাষাতো পৰীক্ষা অনুষ্ঠিত কৰা হ’ব। ইয়াৰ ফলত লাখ লাখ প্ৰাৰ্থী উপকৃত হ’ব।

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ আজাৰাৰ সমীপৰ বিএছএফ’ৰ সীমান্ত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত ৰোজগাৰ মেলাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুষ্ঠানৰ সৈতে ভাৰ্চুৱেলী চামিল হয়। এই ৰোজগাৰ মেলাখনত ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত যোগদান কৰা ১৫৮ জন প্ৰাৰ্থীক কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰাৰ্থীসকলক উষ্ম অভিনন্দন জনাই মত বিনিময় কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেৰণাদায়ক নেতৃত্বত ২০৩০ চনৰ ভিতৰত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ দিশত ক্ষিপ্ৰতাৰে আগবাঢ়িছে। কংগ্ৰেছ চৰকাৰৰ অন্ধকাৰ যুগত ভাৰতে দৰিদ্ৰতাৰ সৈতে যুঁজিবলগীয়া হৈছিল। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ আৰু দূৰদৰ্শী নেতৃত্বত ভাৰতৰ জনসাধাৰণৰ বাবে এতিয়া এক নতুন যুগৰ সূচনা হৈছে, য’ত সৰ্বস্তৰৰ লোকৰ সম-কল্যাণ আৰু বিকাশ, অৰ্থনীতিৰ দ্ৰুত উন্নতি সাধন হৈছে। ষ্টাৰ্টআপ ইণ্ডিয়াৰ দৰে অভিনৱ পদক্ষেপ আৰম্ভ কৰি ভাৰতে বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰৰ সূচনা কৰিছে যিয়ে দেশৰ যুৱপ্ৰজন্মৰ বাবে অগণন সুযোগ সৃষ্টি কৰিছে।”

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে লগতে কয় যে প্ৰকৃত কৰ্মযোগী হৈ ৰাষ্ট্ৰ নিৰ্মাণৰ উদ্দেশ্যৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হ’বলৈ নতুনকৈ নিযুক্তিপ্ৰাপ্তসকলক বিশেষ আহ্বান জনাইছোঁ। অমৃতকালৰ শেষৰফালে ভাৰতক সম্পূৰ্ণৰূপে আত্মনিৰ্ভৰ আৰু বিশ্বৰ আগশাৰীৰ শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ প্ৰধানমন্ত্ৰী মোদীৰ দৃষ্টিভংগীক আমি সকলোৱে মিলি বাস্তৱায়িত কৰিব লাগিব। এইক্ষেত্ৰত যুৱচামৰ অৱদান হ’ব আটাইতকৈ গুৰুত্বপূৰ্ণ।