ৰঙিয়া, ১৩ ফেব্ৰুৱাৰী, ২০২৪ : ইছলাম (Islam) ধৰ্মাৱলম্বী লোক সকলৰ বিশাল ধৰ্মীয় সভা। কামৰূপ জিলাৰ ৰঙিয়াত আৰম্ভ হৈছে ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ এক বিশাল ধৰ্মীয় সভা। ১০ লক্ষাধিক লোকে বিশ্ব শান্তিৰ বাবে দোৱা কৰিব ৰঙিয়াৰ এই বিশাল ধৰ্মীয় সভাত। ইতিমধ্যে এই সভাত অংশগ্ৰহণ কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ৰঙিয়াত আহি সমবেত হৈছে লাখ লাখ লোক।

কামৰূপ জিলাৰ ৰঙিয়াত পুনৰ এক উখল মাখল পৰিৱেশ। এক বিশাল ধৰ্মীয় সভাকলৈ ৰঙিয়াত সৃষ্টি হৈছে এই উখল মাখল পৰিৱেশ। তিনিদিনীয়াকৈ ৰঙিয়াত অনুষ্ঠিত হ’ব ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ এই বিশাল ধৰ্মীয় সভা। অসমৰ বিভিন্ন জিলাৰ পৰা অহা লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকৰ লগতে এই বিশাল ধৰ্মীয় সভাত অংশগ্ৰহণ কৰিব মেঘালয়ৰ হাজাৰ হাজাৰ লোক। ইতিমধ্যে এই ধৰ্মীয় সভাকলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশনৰ পিছতে এইবাৰ ৰঙিয়াত অনুষ্ঠিত হ’ব ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ ইছতেমা। অসমৰ ৭ খন জিলাৰ ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ লগতে মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ পৰা লাখ লাখ লোক আহি অংশগ্ৰহণ কৰিব এই ইছতেমাত। প্ৰায় ১০ লক্ষাধিক ইছলাম ধৰ্মাৱলম্বী লোকসকলে অংশগ্ৰহণ কৰিব ৰঙিয়াৰ এই ইছতেমা। দিল্লীৰ নিজামুদ্দিনৰ ৬ গৰাকী ধৰ্মগুৰু আৰু অসমৰ কেইবাগৰাকী ধৰ্মগুৰুৱে জ্ঞানৰ পোহৰ বিলাব এই ইছতেমাত।

ইছতেমাত অংশগ্ৰহণ কৰা লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ধৰ্মগুৰু সকলে জ্ঞানৰ পোহৰ বিলাব। লগতে ধৰ্ম বিৰোধী কাৰ্য, সমাজ বিৰোধী কাৰ্য, অনৈতিক কাৰ্য, মদ, ড্ৰাগছ, নিচা জাতীয় সামগ্ৰী আদিৰ পৰা কিয় আঁতৰি থাকিব লাগে তাৰ ওপৰত জ্ঞান দিব ধৰ্মগুৰু সকলে। ইছতেমাক সফলমণ্ডিত কৰিবলৈ ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। ইফালে ইছতেমাৰ সময়ছোৱাত যানযঁত নিয়ন্ত্ৰণ কৰিবলৈ সহস্ৰাধিক স্বেচ্ছাসেৱক নিয়োজিত হৈ আছে ইছতেমাস্থলীত।

ইছতেমাত অংশগ্ৰহণ কৰিবলৈ অহা লোক সকলৰ বাবে থকা, খোৱাৰো ব্যৱস্থা কৰা হৈছে। উল্লেখ্য যে, ইছতেমাৰ পূৰ্বে প্ৰতিদিনে সহস্ৰাধিক লোকে শ্ৰমদান কৰি আহিছে। মঙলবাৰৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগা এই ইছতেমাৰ বাবে ৰাইজে আগবঢ়াইছে প্ৰায় ৬০ হাজাৰ বাঁহ, গাড়ীয়ে গাড়ীয়ে ধানৰ নৰা। প্ৰায় ৫০০ বিঘাৰ বৃহৎ পথাৰত নিৰ্মাণ কৰা হৈছে পেণ্ডেল। অসমৰ কামৰূপ, কামৰূপ মহানগৰ, মৰিগাঁও, দৰং, বাক্সা আৰু আৰু শ্বিলঙৰ পৰা প্ৰায় ১০ লক্ষাধিক ইছলাম ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰিব এই ধৰ্মীয় সভাত।

১৫ ফেব্ৰুৱাৰীৰ দিনাখন ইছতেমাৰ অন্তিম দিনা ১০ লক্ষাধিক ইছলাম ধৰ্মাৱলম্বী লোক সকলে এক বিশেষ দোৱাত অংশগ্ৰহণ কৰি আল্লাহৰ ওচৰত বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা জনাব। উল্লেখ্য যে, এইবাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিবেশন অনুষ্ঠিত হৈছিল ৰঙিয়াত। ৰঙিয়াৰ হাতীখলা পথাৰত অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিবেশনত অংশগ্ৰহণ কৰিছিল উত্তৰ-পূবৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ লোকে। দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছিল ৰঙিয়াৰ হাতীখলা পথাৰ।