আমিনগাঁও : ভাৰত চৰকাৰৰ ষ্টীল আৰু গ্ৰামোন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ফাগ্গান সিং কুলাস্তেয়ে বুধবাৰে গ্ৰামোন্নয়নৰ কাম-কাজ পৰিদৰ্শনাৰ্থে কামৰূপ জিলাত উপস্থিত হয়৷ ক্ষেত্ৰীয় পৰ্যায়ত পৰিদৰ্শনৰ আগতে মন্ত্ৰীগৰাকীক কামৰূপ জিলা প্ৰশাসন আৰু হাজো উন্নয়ন খণ্ডৰ তৰফৰ পৰা উষ্ম আদৰণি জনোৱা হয়৷ এই উপলক্ষে জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত এক সভাৰো আয়োজন কৰা হয়৷ অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত আয়োজিত সভাত শ্যামা প্ৰসাদ মুখাৰ্জী ৰুৰবান অভিযানৰ অধীনত বিভিন্ন উন্নয়নমূলক কাম-কাজ চলি থকা হাজো মণ্ডল সম্পৰ্কত হাজোৰ খণ্ড উন্নয়ন বিষয়া নন্দিতা চহৰীয়াই বিভিন্ন তথ্য উপস্থাপন কৰাৰ উপৰি হাজো অঞ্চলৰ প্ৰগতিৰ খতিয়ান দাঙি ধৰি এখন তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হয়৷

সভাত নিজৰ ভাষণ প্ৰসংগত হাজো মণ্ডলত মীন, উদ্যান শস্য আৰু কাঁহ-পিতলৰ ক্ষুদ্ৰ উদ্যোগ আদিৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপ সমূহত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সন্তুষ্টি ব্যক্ত কৰে৷ আগন্তুক দিনত গ্ৰামোন্নয়নৰ ক্ষেত্ৰত অসমে বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হ’ব আৰু কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতাত অসমৰ মহিলা আৰু যুৱ শক্তিৰ উত্তৰণ হ’ব বুলিও তেওঁ উল্লেখ কৰে৷ চৰকাৰে স্থানীয় সামগ্ৰীৰ প্ৰতি স্পৃহা বঢ়াবৰ বাবে লোৱা ব্যৱস্থাইও ইয়াৰ জৰিয়তে এক গতি লাভ কৰিব আৰু আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত কৰাত বিশেষ সহায়ক হ’ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এই কাৰ্যসমূহৰ স্থায়ীত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ প্ৰয়োজন সাপেক্ষে অন্য ৰাজ্যৰ কাম-কাজ পৰিদৰ্শন কৰিবলৈও বিভাগৰ বিষয়াসকলক আহ্বান জনায় মন্ত্রী গৰাকীয়ে।

সভাত অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসেও ভাষণ প্ৰদান কৰে আৰু হাজো অঞ্চলত লোৱা বিভাগৰ পদক্ষেপত সন্তুষ্টি ব্যক্ত কৰে৷ সভাত উপায়ুক্ত কৈলাশ কাৰ্তিক এনে তেওঁৰ আদৰণি ভাষণত কামৰূপ জিলাত বিশেষকৈ ৰুৰবান মণ্ডল হাজোত গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কত অৱলোকন কৰি আগলৈ জিলাখনৰ অন্যান্য ১৩ টা উন্নয়ন খণ্ডতো কেন্দ্ৰীয় চৰকাৰে এনে পদক্ষেপ ল’ব বুলি আশা প্ৰকাশ কৰে৷ অনুষ্ঠানত হাজো সমষ্টিৰ বিধায়ক সুমন হৰিপ্ৰিয়া, কামৰূপ জিলা পৰিষদৰ অধ্যক্ষা ৰীতা তালুকদাৰ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব ডাঃ জে বি এক্কা, আয়ুক্ত হেমেন দাস, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মিছন সঞ্চালক কৃষ্ণা বৰুৱা, কামৰূপৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ৰ লগতে অন্যান্য বিষয়াসকল উপস্থিত থাকে৷

সভাৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু অন্যান্যসকলৰ লগত হাজোলৈ গৈ কুলহাটী পাঁচগাঁও গাঁও পঞ্চায়তত স্থাপন কৰা নাগৰিক সেৱা কেন্দ্ৰটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰি আত্মসহায়ক গোটৰ লগত বাৰ্তালাপ কৰে৷ ইয়াৰ উপৰি ৰুৰবান মিছনৰ অধীনত উপকৃত হোৱা বিভিন্ন ক্ষেত্ৰৰ হিতাধিকাৰী যেনে মীন পালক, ধান বনা ক্ষুদ্ৰ মিলৰ গৰাকী, আদিৰ লগত মত বিনিময় কৰি তেওঁলোকৰ কাম-কাজৰ বুজ লয়৷ তদুপৰি মিছনৰ অধীনত গ্ৰহণ কৰা পানী যোগান আঁচনি, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনৰ আৱাস গৃহ, আত্মসহায়ক গোটৰ ধূপ বনোৱা প্ৰকল্প আৰু প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ কামো পৰিদৰ্শন কৰে। মন্ত্ৰী কুলাস্তেয়ে গ্ৰামোন্নয়নৰ কাম-কাজত সন্তুষ্টি ব্যক্ত কৰে৷