যতীন নাথ

মাজবাট : মাজবাট আৰক্ষী বৃহৎ সাফল্য। মাজবাট আৰক্ষীয়ে জব্দ কৰিলে গাঞ্জা ভৰ্তি বাহন। ৩১০ কিলোগ্ৰাম গাঞ্জাসহ জব্দ বাহন। নিশাৰ ভাগত আৰক্ষীয়ে চলোৱা এই অভিযানৰ সময়ত গাঞ্জা সৰবৰাহকাৰী কৰা বাহনখনক লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়। আৰক্ষীয়ে তিনি জাই গুলী চালনা কৰে।

নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে। নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যজুৰি অসম আৰক্ষী অধিক তৎপৰত হৈ ধাৰাবাহিক অভিযান চলাই থকাৰ সময়তে মঙলবাৰে মাজনিশা মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ নগাঁও অঞ্চলৰ পৰা মাজবাট আৰক্ষীয়ে গাঞ্জা ভৰ্তি বাহন জব্দ কৰে।

মাজবাট আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই গাঞ্জা ভৰ্তি বাহনখন জব্দ কৰে। অভিযানৰ সময়ত মাজবাট আৰক্ষী আৰু গাঞ্জা সৰবৰাহকাৰীৰ মাজত সংঘটিত হ’য় গুলী চালনাৰ ঘটনা। মাজবাট আৰক্ষীয়ে গাঞ্জা সৰবৰাহকাৰীক লক্ষ্য কৰি তিনি জাই গুলী ফুটাই গাঞ্জা ভৰ্তি বাহনখন জব্দ কৰিবলৈ সক্ষম হয়।‌

গাঞ্জা সৰবৰাহকাৰীয়ে বাহনখনত ড্ৰামৰ ভিতৰত বৃহৎ পৰিমাণৰ গাঞ্জাখিনি আনিছিল। মাজবাট আৰক্ষী জানিবলৈ দিয়া মতে গাঞ্জা ভৰ্তি বাহনখনক আৰক্ষীয়ে ৰখাবলৈ চেষ্টা কৰে কিন্তু গাঞ্জা ভৰ্তি বাহনখনে পলাবলৈ চেষ্টা কৰে। গাঞ্জা ভৰ্তি বাহনখন পলাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে বাহনখনক লক্ষ্য কৰি তিনি জাই গুলী ফুটাই।

আৰক্ষীয়ে গুলী চলনা কৰাত গাঞ্জা ভৰ্তি বাহনখন ৰখিবলৈ বাধ্য হ’য়। আৰক্ষীৰ গুলী বর্ষণ কৰাৰ পিছত আন্ধাৰৰ সুযোগ লৈ গাঞ্জা সৰবৰাহকাৰীৰ দলটো পলায়ন কৰিবলৈ সক্ষম হয়। নিশা মাজবাট আৰক্ষী থানাৰ আৰক্ষী বিষয়া মিন্টু সন্দিকৈ আৰু লালপানী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ গোহাঁইৰ নেতৃত্বত আৰক্ষীৰ দলে এই অভিযান।চলাইছিল।

বাহনখনৰ পৰা প্ৰায় ৩১০ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে মাজবাট আৰক্ষীয়ে। এএছ-২৫-চিচি-২০৭৩ নম্বৰৰ বাহনৰ পৰা জব্দ কৰা হৈছে এই বৃহৎ পৰিমাণৰ গাঞ্জা। ঘটনা সন্দৰ্ভত মাজবাট আৰক্ষীয়ে এনডিপিএছ ৮০/১২১ নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।