জাগীৰোড, সংবাদ ৩৬৫,৪মাৰ্চ : জাগীৰোড আৰক্ষীৰ বৃহৎ সাফল্য । জাগীৰোডৰ ধৰমতুলত জব্দ কৰে নকল টকা ছপা কৰা মেচিন লগতে জব্দ কৰে প্ৰায় ২ কোটি টকাৰ ৫০০ আৰু ২০০০ টকীয়া বৃহৎ নকল নোট ৷

আৰক্ষীৰ পৰা জানিব পৰা অনুসৰি দুই নম্বৰী টকা বনোৱা মেচিনেৰে মানুহক দাবোল টকা দিম বুলি ধৰমতুল অঞ্চলটোত সোমাইছিল দুজন লোক। এই খবৰ পায় জাগীৰোড আৰক্ষীয়ে চিভিল ড্ৰেছত কেম্প কৰি ব্যক্তি দুজনক কৰায়ত্ত্ব কৰিবলৈ সক্ষম হয়।

উক্ত ব্যক্তি দুজন ক্ৰমে লখিমপুৰ বিহপুৰীয়াৰ হাবিবুৰ ৰহমান আৰু ধৰমতুলৰ আটিগাওঁ দিঘলবড়ী গাঁৱৰ ৰিপন মান্তা। ৰিপুন মান্তাৰ ঘৰৰ পৰা জাগীৰোড আৰক্ষীয়ে জব্দ কৰে মেচিন সহ নকল টকাখিনি ৷ আটক কৰে হবিবুৰ ৰহমান আৰু ৰিপন মান্তাক ৷আনহাতে মূল অভিযুক্ত আন দুজন পলাতক অবস্থাত আছে।