নিউজ ডেস্ক, ২১ এপ্ৰিল, ২০২৪ : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰেলৱে সুৰক্ষা বাহিনীৰ দ্বাৰা বিগত সময়ছোৱাত ১৬ গৰাকীকৈ নাবালক-নাবালিকাক উদ্ধাৰ (Child Rescued)। ২০২৩-২৪ বৰ্ষৰ সময়ছোৱাত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ দ্বাৰা ৭৫৫ গৰাকী লোকক উদ্ধাৰ কৰা হয়। আনহাতে এই সময়ছোৱাত ১২ জনকৈ মানৱ সৰবৰাহকাৰীক জালত পেলাবলৈ সক্ষম হয় উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনী।

উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে (আৰপিএফ) ১৩ ৰ পৰা ১৯ এপ্ৰিল, ২০২৪ লৈ উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বিভিন্ন ৰে’ল আৰু ৰে’লৱে ষ্টেচনত চলোৱা অনুসন্ধান আৰু তালাচীৰ সময়ত ১৬ গৰাকীকৈ নাবালক-নাবালিকাক সফলতাৰে উদ্ধাৰ কৰে। ২০২৩-২৪ বৰ্ষৰ সময়ছোৱাত চৰকাৰী ৰে’লৱে আৰক্ষী (জিআৰপি) আৰু চাইল্ডলাইন/এনজিঅ’ৰ সহযোগত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে ৬৫৪ গৰাকী নাবালক-নাবালিকা (৪০৯ গৰাকী নাবালক আৰু ২৪৫ গৰাকী নাবালিকা) আৰু ৬৯ গৰাকী মহিলাক উদ্ধাৰ কৰে।

উদ্ধাৰ কৰা নাবালক/ মহিলাসকলক পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট চাইল্ড লাইন/এনজিঅ’ আৰু জিআৰপিৰ হাতত গতাই দিয়া হয়। লগতে, এই একেই সময়তে মুঠ ১২ জন মানৱ সৰবৰাহকাৰীক আটক কৰা হয় আৰু ৩২ জন লোকক (২৫ গৰাকী নাবালক, ৪ গৰাকী নাবালিকা, ২ জন পুৰুষ আৰু ১ গৰাকী মহিলা) মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰা হয়। ১৮ এপ্ৰিলত কাটিহাৰৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ দলে কাটিহাৰ ৰে’ল ষ্টেচনত তিনি গৰাকী অসহায় অৱস্থাত থকা নাবালকক উদ্ধাৰ কৰে।

পিছত, উদ্ধাৰ কৰা নাবালকসকলক সঠিক প্ৰমাণীকৰণৰ পিছত তেওঁলোকৰ নিজ নিজ পিতৃ-মাতৃৰ হাতত গতাই দিয়া হয়। ১৬ এপ্ৰিলত চাপৰমুখৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ দলে চাপৰমুখ ষ্টেচনত ৰে’ল নং. ১৫৬২৫ (দেওঘৰ-আগৰতলা এক্সপ্ৰেছ) ৰে’লখনত তালাচী চলোৱাৰ সময়ত এগৰাকী পলাতক নাবালিকাক উদ্ধাৰ কৰে। পিছত উদ্ধাৰ হোৱা নাবালিকা গৰাকীক সুৰক্ষিত জিম্মাৰ বাবে শিশু কল্যাণ সমিতি, নগাঁও (অসম) ৰ হাতত অৰ্পণ কৰা হয়। ৰে’ল আৰু ৰে’ল চৌহদত যত্ন আৰু সুৰক্ষাৰ প্ৰয়োজন হোৱা শিশুৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে প্ৰতিৰোধমূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে।

ৰে’লৱে সুৰক্ষা বাহিনীয়ে ৰে’ল যাত্ৰীসকলক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত অপৰাধীৰ বিৰুদ্ধে অবিৰত যুঁজ চলাই আছে, মানৱ সৰবৰাহৰ সৈতে জড়িত সন্দেহযুক্ত ব্যক্তিৰ বাবে আৰু লগতে সন্দেহজনকভাৱে শিশুৰ চলাচল, সঠিক অভিভাৱক অবিহনে অকলে ভ্ৰমণ কৰাৰ পৰা ইত্যাদিৰ বাবে সদায় সতৰ্ক হৈ থাকে।