নিউজ ডেস্ক, ২০ এপ্ৰিল, ২০২৪ : গ্ৰীষ্মকালৰ ভিৰৰ সময়ত যাত্ৰীসকলৰ বৰ্ধিত চাহিদা পূৰণ কৰাৰ অৰ্থে গুৱাহাটীৰ পৰা দুখন বিশেষ ৰে’ল (Special Train) চলাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এখন বিশেষ ৰে’ল গুৱাহাটী আৰু উৰিষ্যাৰ সম্বলপুৰৰ মাজত চলাচল কৰিব আৰু আনখন গুৱাহাটী আৰু জম্মু কাশ্মীৰৰ শ্ৰী মাতা বৈষ্ণো দেৱী কাটৰাৰ মাজত চলাচল কৰিব। উভয় দিশত এই দুয়োখন ৰে’ল ১০ টাকৈ ট্ৰিপৰ বাবে পৰিচালন কৰা হ’ব।

দুয়োখন বিশেষ ৰে’লত যাত্ৰীসকলৰ সুবিধাৰ বাবে এচি ৩-টায়াৰ, শ্লীপাৰ শ্ৰেণী আৰু সাধাৰণ আসনৰ ডবা থাকিব।সেই অনুসৰি, ৰে’ল নং ০৮৩৫১ (সম্বলপুৰ-গুৱাহাটী) বিশেষ ৰে’লখন ২২ এপ্ৰিলৰ পৰা ২৪ জুন, ২০২৪ তাৰিখলৈ সম্বলপুৰৰ পৰা প্ৰতি সোমবাৰে ১৮:৫০ বজাত প্ৰস্থান কৰি বুধবাৰে ০১:২০ বজাত গুৱাহাটীত আহি উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰে'”ল নং ০৮৩৫২ (গুৱাহাটী-সম্বলপুৰ) বিশেষ ৰে’লখন ২৪ এপ্ৰিলৰ পৰা ২৬ জুন, ২০২৪ লৈ প্ৰতি বুধবাৰে ০৮:০০ বজাত গুৱাহাটীৰ পৰা প্ৰস্থান কৰি পৰৱৰ্তী দিনৰ ১৬:১৫ বজাত সম্বলপুৰত গৈ উপস্থিত হ’ব।

উভয় দিশৰ যাত্ৰাৰ সময়ত, বিশেষ ৰে’লখন কামাখ্যা, নিউ বঙাইগাঁও, নিউ আলিপুৰদুৱাৰ জংচন, নিউ জলপাইগুড়ী, কিষাণগঞ্জ, মালদা টাউন, ভট্টনগৰ, খড়গপুৰ, বালাচোৰ, কপিলাছ ৰোড, অংগোল, কেৰেজাঙ্গা আদি হৈ চলাচল কৰিব। লগতে, ৰে’ল নং ০৪৬৮০ (শ্ৰী মাতা বৈষ্ণো দেৱী কাটৰা-গুৱাহাটী) বিশেষ ৰে’লখন ২৬ এপ্ৰিলৰ পৰা ২৮ জুন, ২০২৪ লৈ শ্ৰী মাতা বৈষ্ণো দেৱী কাটৰাৰ পৰা প্ৰতি শুকুৰবাৰে ২১:৩০ বজাত প্ৰস্থান কৰি দেওবাৰে ১৯:১০ বজাত গুৱাহাটীত আহি উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৪৬৭৯ (গুৱাহাটী-শ্ৰী মাতা বৈষ্ণো দেৱী কাটৰা) বিশেষ ৰে’লখন ২৯ এপ্ৰিলৰ পৰা ১ জুলাই, ২০২৪ লৈ প্ৰতি সোমবাৰে ২৩:২০ বজাত গুৱাহাটীৰ পৰা প্ৰস্থান কৰি বুধবাৰে ২০:৪৫ বজাত শ্ৰী মাতা বৈষ্ণো দেৱী কাটৰাত গৈ উপস্থিত হ'”ব।

উভয় দিশৰ যাত্ৰাৰ সময়ত, বিশেষ ৰে’লখন কামাখ্যা, গোৱালপাৰা টাউন, নিউ বঙাইগাঁও, নিউ কোচবিহাৰ, নিউ জলপাইগুড়ী, কিষাণগঞ্জ, কাটিহাৰ, বাৰাউনি, হাজীপুৰ, গোৰখপুৰ, গোণ্ডা, বৰেলী, চাহাৰনপুৰ, আম্বালা কেণ্ট, লুধিয়ানা, পাঠানকোট কেণ্ট, জম্মু তৱী আদি হৈ চলাচল কৰিব। আন এখন বিশেষ ৰে’ল নং ০৬২২১/০৬২২২ (মাইছুৰু-মুজাফ্ফৰপুৰ-মাইছুৰু) মাইছুৰুৰ পৰা প্ৰতি সোমবাৰে (১৫ এপ্ৰিল, ২০২৪ ৰ পৰা কাৰ্যকৰী হোৱাকৈ) আৰু মুজাফ্ফৰপুৰৰ পৰা প্ৰতি বৃহস্পতিবাৰে (অৰ্থাৎ ১৮ এপ্ৰিল, ২০২৪ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ) মাইছুৰু আৰু মুজাফ্ফৰপুৰৰ মাজত ৮ টাকৈ ট্ৰিপৰ বাবে চলাচল কৰি আছে। ইয়াৰ উভয় দিশৰ যাত্ৰাৰ সময়ত ৰেলখনত জোলাৰপেট্টাই, বিজয়ৱাড়া জংচন, পালাচা, মালদা টাউন, কুমেদপুৰ, কাটিহাৰ, বাৰাউনী জংচন ইত্যাদিত ষ্টপেজ থাকিব।

এই ৰে’লসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ থকাৰ লগতে বিভিন্ন সংবাদপত্ৰ আৰু উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বিভিন্ন চ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈ আছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য অৱলোকন কৰিবলৈ ৰে’ল বিভাগৰ ফলৰ পৰা অনুৰোধ জনোৱা হৈছে।