বৰপেটা, সংবাদ ৩৬৫, ১৫ ছেপ্টেম্বৰ : যোৱা ১৩ তাৰিখে বৰপেটা জিলাৰ জাহোৰপামৰ অন্তৰ্গত বাঁহমূৰা গাঁৱত সংঘটিত হয় মানৱ সমাজক লজ্জানত কৰা এক ঘটনা। মাকৰ বুকু উদং কৰি গভীৰ নিশা চুৰি কৰি নিছিল ১৪ দিনৰ বিলকিছ পাৰবিন নামৰ এটি নৱ জাতক। ইমাম আলী আৰু হাছানুৰে শিশুটিক হাজোৰ আবেদুৰ হক আৰু নুৰজাহান পাৰবিনক ৩০ হেজাৰ টকাত বিক্ৰী কৰিছিল।

শনিবাৰে সন্ধিয়া শিশুটিক উদ্ধাৰ কৰি পৰিয়ালক গতাই দিয়াৰ লগতে আবেদুৰ হক আৰু নুৰজাহান পাৰবিনক গ্ৰেপ্তাৰ কৰাৰ পিছত নিশা হাছানুৰক বৰপেটা আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

সম্প্ৰতি চুৰি কাণ্ডৰ লগত জড়িত মাষ্টৰ মাইণ্ড ইমাম আলী আৰু হাছানুৰ আলীক বৰপেটা আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা কৰি আছে বুলি জানিব পৰা গৈছে।

এই পাশবিক কাণ্ডৰ লগত মহিলা সহ আৰু কেইবাজনো লোক জড়িত হৈ আছে বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। বাকী সকলক কৰায়ত্ব কৰি উচিত শাস্তি বিহাৰ দাবী জনোৱাৰ লগতে অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছে ৰাইজৰ লগতে দুৰ্ভগীয়া পৰিয়ালটোৱে।