বৰপেটা, সংবাদ ৩৬৫, ১৫ ছেপ্টেম্বৰ : বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত শওঁপুৰত বেঁকী নদীৰ ব্যাপক গৰাখহনীয়াই নৈপৰীয়া সকলৰ নিদ্ৰা হৰণ কৰিছে। অব্যাহত থকা গৰাখহনীয়াত ইতিমধ্যে সাতটাকৈ পৰিয়াল নদীৰ বুকুত জাঁহ যোৱাৰ লগতে সম্প্ৰতি দুই শতাধিক পৰিয়াললৈ তীব্ৰ ভাবুকি আহিছে।

ইয়াৰ পূৰ্বে গৌতম কনষ্ট্ৰাকচনে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে গাইড বান্ধৰ কাম কৰিছিল যদিও বিভাগীয় অভিযন্তাৰ সহযোগত অতি নিম্ন মানৰ কাম কৰাৰ ফলত এনেদৰে গৰাখহাইছে বুলি ৰাইজে অভিযোগ কৰিছে। বৰ্তমান নৈপৰীয়া ৰাইজৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।

চপৰা-চপৰকৈ গৰাখহনীয়া চলি থকাৰ শব্দই ধান বানে নৈপৰীয়া লোকৰ অন্তৰত। চৰকাৰে অচিৰেই ইয়াৰ কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে মানচিত্ৰৰ পৰা নাইকীয়া হৈ যাব অতি শুৱনি শওঁপুৰ গাওঁ খন। শীঘ্ৰেই গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ৰাইজে চৰকাৰক টানি অনুৰোধ জনাইছে।