অনলাইন ডেস্ক সংবাদ ৩৬৫, ১৭ আগষ্টঃ ভাৰত-চীন-ভূটান সীমান্তৰ ডোকলাম ৰক্তাক্ত হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ বিগত আঢ়ৈ মাহ ধৰি চিকিমৰ ডোকলাম লৈ চীন-ভাৰতৰ মাজত শ্বাসৰুদ্ধকৰ পৰিস্থিতি বিৰাজ কৰি থকা সময়তে ডোকলাম দখলক লৈ চীনে ভাৰত আক্ৰমণ কৰাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে৷ চীনৰ চৰকাৰী সংবাদ পত্ৰ গ্লোৱেল টাইমছত প্ৰকাশ পোৱা মতে চীনৰ সেনাবাহিনীয়ে তিৰ্ব্বতত পুনৰ ব্লাড বেংক স্থাপন কৰিছে৷ ব্লাড বেংকৰ কাৰণে চীনা জনসাধাৰণক তেজ দিবলৈ আহ্বান জনোৱাৰ লগতে চীন সীমান্তৰ বিভিন্ন স্থানত আৰু চিকিৎসালয়ত ৰক্তদান শিবিৰ স্থাপন কৰিছে৷ ইয়াৰ লগতে চিকিৎসালয় সমূহতো তেজৰ প্ৰয়োগৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰিছে আৰু পিপলছ লিবাৰেচন আৰ্মিৰ সহযোগত ব্লাড বেংক সমূহ বিভিন্ন স্থানলৈ স্থানান্তৰ কৰা হৈছে৷ কিছুদিনৰ পূৰ্বে চীনৰ সিন্ধুৱা অঞ্চলত ভূমিকম্প অহাৰ পিছতেই তাৰ ব্লাড বেংকসমূহ তিৰ্ব্বতলৈ স্থানান্তৰ কৰা হৈছে৷ চীনৰ এই কাৰ্য্যই যুদ্ধৰ কাৰণে সাজু হোৱাৰ ইংগিত দিছে৷ গ্লোৱেল টাইমছে দাবী কৰা মতে চীনৰ অস্ত্ৰসমূহ ভাৰততকৈ অধিক উন্নত আৰু অত্যাধুনিক৷ ভাৰতে বিগত দিনত আমেৰিকা আৰু ৰুছৰ পৰা বিভিন্ন ধৰণৰ অস্ত্ৰ ক্ৰয় কৰিছে যদিও এই অস্ত্ৰসমূহ চীনৰ তুলনাত নিচেই সাধাৰণ৷ উল্লেখ্য যে, মঙলবাৰে চীনা সৈন্যৰ এটা দলে বলপূর্বক ভাবে লাডাখৰ পেংগং হিন্দৰ কাষেৰে ভাৰতীয় এলেকাত প্রৱেশ কৰে। ভাৰতীয় সীমান্ত ৰক্ষাৰ দায়িত্বত থকা ইণ্ডো-তিবেতান ব’ৰ্ডাৰ পুলিচ ফ’ৰ্চৰ (আইটিবিপি) জোৱানসকলে চীনা সেনাৰ দলটোক বাধা প্রদান কৰাত ফলত দুয়োপক্ষৰ মাজত দুঘণ্টা ধৰি সংঘৰ্ষ হয়৷ চীনা বাহিনী পিচুৱাই যাবলৈ অমান্তি হোৱাত উত্তেজনা তুংগত উঠে আৰু দুয়ো পক্ষৰ মাজত শিলাবৃষ্টি চলে৷ দীর্ঘ সময় ধৰি চলা শিলাবৃষ্টিত দুয়োপক্ষৰ কেবাগৰাকী জোৱান কম-বেছি পৰিমাণে আহত হয় বুলি জানিব পৰা গৈছে৷