গুৱাহাটী, ১৭ আগষ্টঃ সাম্প্ৰতিক বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশৰ আন ৰাজ্যৰ সৈতে অসমসহ উত্তৰ-পূৱৰ ৰাজ্যকেইখনৰ ৰেল সংযোগ বিচ্ছিন্ন হোৱাৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূৱ সীমান্ত ৰেলৱে কৰ্তৃপক্ষই অতিৰিক্ত যাত্ৰীৰ ভীৰৰ হেঁচা হ্ৰাস কৰিবৰ কাৰণে ১৭ আগষ্টৰ পৰা ২১ আগষ্ট পৰ্য্যন্ত বিশেষ যাত্ৰীবাহী ৰেলৰ ব্যৱস্থা কৰিছে৷ উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসৰ্ম্পকৰক্ষী বিষয়া প্ৰণৱজ্যোতি শৰ্মাই জানিবলৈ দিয়া মতে, ১৭ আগষ্টৰ নিশা ৮ বজাত গুৱাহাটী ষ্টেছনৰ পৰা যাত্ৰা আৰম্ভ কৰা এই বিশেষ ৰেলখনে ২১ আগষ্ট পৰ্য্যন্ত ডিব্ৰুগড়লৈ চলাচল কৰিব৷ একেদৰে ডিব্ৰুগড়ৰ পৰা ১৭ আগষ্টৰ নিশা ৮ বজাৰ পৰা যাত্ৰা আৰম্ভ কৰা আনখন বিশেষ ৰেলে ২১ আগষ্ট পৰ্য্যন্ত গুৱাহাটীলৈ চলাচল কৰিব৷ ০৫৯০৯/  ০৫৯১০ গুৱাহাটী-ডিব্ৰুগড়-গুৱাহাটী ১৯ টা দবাযুক্ত বিশেষ ৰেলখন পিছদিনা পুৱা ৭ বজাত গুৱাহাটীৰ পৰা ডিব্ৰুগড় ষ্টেচন পাব৷ একেদৰে ডিব্ৰুগড়ৰ পৰা গুৱাহাটী অভিমুখী নৈশ ৰেলখন পুৱা ৭ বজাত গুৱাহাটী ষ্টেছন পাব৷ প্ৰথম, দ্বিতীয় আৰু তৃতীয় আসনযুক্ত বিশেষ ৰেলখনত মুঠ ৩টা বাতানুকুল দবা, ১০টা শয়নযুক্ত, ৪টা সাধাৰণ শ্ৰেণীৰ আৰু ২টা এছআৰএল ডবা সংযুক্ত কৰা হৈছে৷ ৰেলখন চাপৰমুখ, লামডিং, ডিফু, ডিমাপুৰ, মৰিয়নী আৰু নিউ তিনিচুকীয়া ষ্টেছনহৈ ডিব্ৰুগড়ত ৰ’ব৷