গুৱাহাটী, সংবাদ ৩৬৫, ২০ জুন : এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ বাবে ডেৰমাহতকৈও কম সময় আছে কিন্তু এই তালিকাৰ পৰা বাদপৰা সকলৰ অৱস্থান সম্পৰ্কে চৰকাৰে কোনো কথা জনোৱা নাই । এই সন্দৰ্ভত চিপিআইএমৰ অসম ৰাজ্যিক কমিটিৰ এটা পাঁচজনীয়া দলে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে । মুখ্যমন্ত্ৰীয়েও এই বিষয়টোক লৈ এখন সৰ্বদলীয় সভা অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ।

স্মাৰক পত্ৰখনত ডি-ভোটাৰ , ডিতেনশ্যন কেম্প, জাগীৰোড আৰু পাচগ্ৰাম কাগজকল পুনৰ মুকলি আদি সমস্যাবোৰ সামৰি লোৱা হয় । তেওঁলোকৰ দাবীসমূহ – ” ডি-ভোটাৰ আৰু বিদেশী গোচৰৰ তালিকা অতি শীঘ্ৰে পুনৰীক্ষণ কৰক। যিসকল লোকে ভাৰতীয় হিচাপে উপযুক্ত নথি-পত্ৰ দেখুৱাব পাৰে তেওঁলোকক এই তালিকাৰ পৰা বাদ দিয়ক । ডিতেনশ্যন কেম্পত বন্দী হৈ থকা লোকসকলৰ নথি-পত্ৰবোৰ চৰকাৰে নিজাববীয়াকৈ পৰীক্ষা কৰক আৰু ভুলকৈ আটক হৈ থকা লোকসকলক অবিলম্বে মুকলি কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰক । এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰাসকলৰ অৱস্থান সম্পৰ্কে সিদ্ধান্ত চুড়ান্ত কৰাৰ পূৰ্বে চৰকাৰে ৰাজনৈতিক দল আৰু সংগঠনবোৰৰ মতামত গ্ৰহণ কৰক। । কাগজকল পুনৰুজীৱিত কৰাৰ লগতে শ্ৰমিক – কর্মচাৰী বিষয়াসকলক বিনামূলীয়াকৈ খাদ্যসামগ্ৰী যোগান ধৰা আৰু লৰা-ছোৱালীৰ শিক্ষাৰ দায়িত্ব গ্ৰহণ কৰক।”

এই স্মাৰক পত্ৰ প্ৰদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰীয়ে কাগজকলৰ শ্ৰমিক-কৰ্মচাৰী বিষয়াসকলক বিনামূলীয়াকৈ খাদ্য সামগ্ৰী যোগান ধৰা আৰু ল’ৰা-ছোৱালীৰ শিক্ষাৰ দায়িত্ব গ্ৰহণ কৰা দাবীৰ প্ৰসংগত জৰীপ কৰিবলৈ তাত উপস্থিত থকা প্ৰধান সচিবক নিৰ্দেশ দিয়ে ।

ইফালে ধৰ্মীয় সংখ্যালঘু অঞ্চল সমূহত নিৰ্বিচাৰ উচ্ছেদ, ছয়গাঁৱৰ আচলপাৰাত মৌলবাদী শক্তিসমূহৰ উদ্ভণ্ডালি আৰু বৰপেটাত মুছলমান সম্প্ৰদায়ৰ লোকক জয় শ্ৰী ৰাম ধ্বনি দিবলৈ বাধ্য কৰোৱা আদি ঘটনাক উদ্বেগ প্ৰকাশ কৰাৰ লগতে এনেধৰণৰ সাম্প্ৰদায়িক প্ৰৰোচনামূলক কৰ্মকাণ্ডত জড়িত লোকক উলিয়াই আটক কৰিবলৈ দাবী জনায় ।