গুৱাহাটী : ড্রাগছ আৰু গৰুৰ চোৰাং বেহা বন্ধ কৰাৰ সমান্তৰালভাৱে ৰাজ্যখনৰ পৰা অবৈধ মানৱ সৰবৰাহ বন্ধ কৰাৰ বাবেও ৰাজ্য চৰকাৰে অবিৰতভাৱে প্রয়াস চলাই যাব। শুকুৰবাৰে অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত ছিক্কিমৰ পৰা উদ্ধাৰ কৰা ৪০ গৰাকী শিশু আৰু দুগৰাকী যুৱতীৰ সৈতে মত-বিনিময় কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে জীৱনৰ সম্ভাৱনীয়তা বহন কৰা শৈশৱক ধ্বংস কৰাটো আমি কেতিয়াও সহ্য নকৰাে। শিশুৰ বিৰুদ্ধে চলােৱা শােষণ নিষ্পেষণ আমি কেতিয়াও সহ্য নকৰাে।

এই ক্ষেত্ৰত মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা ৪০ গৰাকী শিশু আৰু দুগৰাকী যুৱতীক উদ্ধাৰ কৰি নিষ্ঠাৰে যি পদক্ষেপ ল’লে তাৰ বাবে অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্রধান এল আৰ বিষয় আৰু চিৰাঙৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে। শিশুসকলৰ সৈতে মত-বিনিময় কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এই শিশুসকলক তেওঁলােকৰ ন্যূনতম অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছিল আৰু তেওঁলােক বেয়া ব্যৱহাৰৰাে সন্মুখীন হৈছিল। এই প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে ভৱিষ্যতে মানৱ সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰা শিশুসকলৰ পুনৰ সংস্থাপনৰ বাবে এক ৰাজ্যিক নীতি প্রস্তুত কৰিব।

এই পুনৰ সংস্থাপন নীতিয়ে শিশুসকলৰ শৈশৱ সুৰক্ষিত কৰি তেওঁলােকৰ মানসিক আৰু আৱেগিক বিষয়বিলাক নিৰাময় কৰি একো-একোগৰাকী ভৱিষ্যতৰ যােগ্য নাগৰিক হিচাপে গঢ়ি তােলাৰ দিশত সহায়ক হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। উল্লেখ্য যে বিটিআৰৰ ভাৰত-ভূটান সীমান্তৰ চাৰিখন গাঁৱৰ পৰা ৮০ গৰাকী শিশুক মানৱ সৰবৰাহকাৰীয়ে লৈ গৈছিল আৰু ইয়াৰে ৪২ গৰাকীক ছিক্কিমৰ পৰা অসম আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

ছিক্কিম আৰক্ষীৰ সহযােগিতাত অসম আৰক্ষীয়ে এই ৪২ গৰাকী শিশুক উদ্ধাৰ কৰি অসমলৈ ওভতাই আনিছে। শিশু কল্যাণ সমিতিৰ অনুমতি সাপেক্ষে ৰাজ্য চৰকাৰে এই শিশুসকলৰ ভৱিষ্যৎ সুৰক্ষিতকৰণৰ দিশত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে অবিৰতভাৱে কঠোৰ পদক্ষেপ লােৱাৰ ফলত বিগত দুটা মাহত ভাৰতৰ বিভিন্ন স্থানৰ পৰা সৰ্বমুঠ ১০৭ গৰাকী শিশু আৰু মহিলাক উদ্ধাৰ কৰিবলৈ ৰাজ্য চৰকাৰ সক্ষম হৈছে। উদ্ধাৰ কৰা শিশুসকলৰ ভাৰত-ভূটান সীমান্তত অৱস্থিত গাঁওকেইখন তেওঁ নিজে ভ্রমণ কৰি তেওঁলােকৰ পিতৃ-মাতৃসকলৰ সৈতে মত-বিনিময়ৰ মাধ্যমেৰে তেওঁলােকৰ সমস্যাবিলাকৰ বুজ লৈ তাক সমাধানৰ প্রয়াস চলাব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

মুখ্যমন্ত্ৰীয়ে লগতে দৃঢ়ভাৱে কয় যে ৰাজ্যখনৰ পৰা মানব সৰবৰাহ সম্পূৰ্ণৰূপে নাইকিয়া কৰাৰ বাবে ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ। এই সৰবৰাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে আৰু অধিক অভিযান চলাই এই কার্যত জড়িত থকা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। এই মত-বিনিময়ৰ সময়ত মুখ্যমন্ত্ৰীৰ লগতে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমােদ বড়াে, আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত, বিশেষ আৰক্ষী সঞ্চালকপ্রধান এল আৰ বিষয়, চিৰাং জিলাৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে উপস্থিত থাকে।