গুৱাহাটী, সংবাদ৩৬৫,৬মাৰ্চ: বুধবাৰে গুৱাহাটীত নতুন উৰণীয়া সেঁতুৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰা হয়। নতুন সেঁতুৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

ৰাজ্য চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ পুঁজিৰ ২০১৮-১৯ প্ৰকল্পৰ অধীনত ৫৮.৭৪ কোটি টকা ব্যয় সাপেক্ষে ৰাধা গোবিন্দ বৰুৱা পথৰ পৰা গণেশগুৰি বিষ্ণু ৰাভা সেঁতুলৈ নিৰ্মাণ হ’ব ৩১৫.১৩৮ মিটাৰ দৈৰ্ঘ্যৰ নতুন উৰণীয়া সেঁতুখন।

গুৱাহাটীবাসীৰ বাবে এয়া আনন্দৰ বতৰা, এয়া সাধাৰণ চহৰ নহয়, দক্ষিণ-পূব এছিয়াৰ কৰিডৰ, গুৱাহাটীৰ যাতায়াত ব্যৱস্থা উন্নত হ’ব লাগিব – নতুন উৰণীয়া সেঁতুৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰি এনেদৰে কয় মুখ্যমন্ত্ৰী গৰাকীয়ে।

উক্ত অনুষ্ঠানত বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ১৮ মাহত সম্পূৰ্ণ কৰা হ’ব নতুন উৰণীয়া সেঁতু নিৰ্মাণৰ কাম। জু-ৰোডৰ পৰা অহা বাহনসমূহ পোনে পোনে খানাপাৰা, উলুবাৰীৰ পৰা আহি সেঁতুত উঠি যাব পাৰিব জু-ৰোডলৈ। ইয়াৰ ফলত সমাধান হ’ব ৩৫% যান-জঁটৰ সমস্যা।

লগতে মন্ত্ৰীগৰাকীয়ে কয় জি এন আৰ চিত হ’বলগীয়া উৰণীয়া সেঁতুৰ বাবে সকলো সাজু হৈ আছে, কিন্তু কিছু পলমকৈহে আৰম্ভ হ’ব কাম।