গুৱাহাটী, সংবাদ ৩৬৫, ১৭ জুন : অসম প্ৰদেশ কংগ্ৰেছৰ পৰা পদত্যাগ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক পাৰ্থ প্ৰতিম বৰাৰ। পদত্যাগ কৰিয়েই সংবাদমেলৰ জৰিয়তে ৰিপুন বৰাক সমালোচনা পাৰ্থ প্ৰতিম বৰাৰ । বৰাৰ মন্তব্য ” ৰিপুন বৰাৰ সভাপতি পদৰ পৰা পদত্যাগ এক নাটক হে আছিল । তেওঁ এফালে সংবাদ মাধ্যমৰ আগত পদত্যাগ কৰিছোঁ বুলি কয় আনফালে আকৌ হাই কামণ্ডৰ অনুমতি বিচাৰিছোঁ বুলিও কয়। গতিকে মই তেওঁৰ দৰে পদত্যাগৰ নাটক কৰা নাই। ”

বৰাই কয় যে ৰিপুন বৰাৰ নেতৃত্বত যি যি নিৰ্বাচন হৈছে তাত কংগ্ৰেছ দলে খুব বেয়াকৈয়ে পৰাজয় হৈছে। তেওঁৰ বিফলতাক আঙুলিয়াই দিয়াৰ বাবেই মোক, দ্বিজেন শৰ্মা আৰু ৰমেশ জৈনক পৰিকল্পিত ভাৱে ষড়যন্ত্ৰ কৰি দলৰ পৰা বহিষ্কৃত কৰিব বিচাৰিছিল।

ইফালে ৰিপুন বৰাৰ মিছন ৮০ ক লৈ বৰাই কয় যে তেওঁ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ থাকিলে এই ৮০ ৰ সলনি ০৮ খন আসন হে পাব ।

ইতিমধ্যে তেওঁ পদত্যাগ পত্ৰ ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰা বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দি কয় যে ৰিপুন বৰাই কংগ্ৰেছক এটা অন্ধকাৰ গুহালৈ লৈ গৈছে। মানসিকভাৱে অত্যাচাৰ সহি থকাতকৈ মই কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰাই ভাল। ৰিপুন বৰা কংগ্ৰেছত থকালৈকে মই কংগ্ৰেছ দলত নাযাওঁ।”