গুৱাহাটী, সংবাদ ৩৬৫, ১৫ জুন : শনিবাৰে দুপৰীয়া ১ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হোৱাৰ পূৰ্বে এক অভাৱনীয় পৰিস্থিতি । এইবাৰ কংগ্ৰেছ কৰ্মীক বৈঠকত সোমাব নিদিয়াক লৈ কংগ্ৰেছী কৰ্মীৰ মাজতে হতাহতি । ৰাজীৱ ভৱনৰ মূল গেটেৰে সোমাই অহাৰ সময়তে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰমেশ জৈনক আন এজন কংগ্ৰেছ কৰ্মীয়ে বেয়া ব্যৱহাৰ কৰা বুলি অভিযোগ সাধাৰণ সম্পাদকগৰাকীৰ।

সম্পাদক গৰাকীৰ ভাষ্য “আমি গান্ধীবাদী আদৰ্শৰে কংগ্ৰেছ কৰা মানুহ প্ৰয়োজন হ’লে অনশন কৰিম। হাত ভৰি ভাঙি দিম বুলি কৈছে। মোক কিয় ভৰি হাত ভাঙি দিম বুলি ক’ব?”

“ৰমেশ দা কোনে কৈছে আপোনাক তেনেকে? যিয়ে কৈছে তাৰে হাত ভৰি ভাঙি দিব লাগে।” উত্তেজিত ৰমেশ জৈনক উদ্দেশ্যি এনেদৰে কয় তেজপুৰৰ কংগ্ৰেছ যুৱ নেতা পাৰ্থ প্ৰতিম বৰাই। অৱশ্যে আন দুজন কৰ্মীয়ে জৈনক বুজাবলৈ চেষ্টা কৰে।

ইফালে কোন কংগ্ৰেছ কৰ্মীয়ে এই আচৰণ কৰিলে বৰ্তমালৈকে জানিব পৰা নাই।

উল্লেখযোগ্য যে শনিবাৰে খ্ৰীষ্টানবস্তিৰ হোটেল গেটৱে গ্ৰেণ্ডত কংগ্ৰেছ বিধায়িনী দলৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু উপ দলপতি ৰকিবুল হুছেইনৰ উপস্থিতত এখন বৈঠক অনুষ্ঠিত হৈছিল। ইয়াৰ পাছতে দুপৰীয়া ১ বজাৰ পৰা অনুষ্ঠিত হবলগীয়া আছিল প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভা।

বৈঠকত বিগত লোকসভা নিৰ্বাচনত দলীয় বিপৰ্যয় তথা আগন্তুক ৪ টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন সম্পৰ্কে আলোচনা হ’ব বুলি জানিব পৰা গৈছে।