গুৱাহাটী, সংবাদ ৩৬৪, ১৫ জুন : বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ। বিজ্ঞানে একো একোটা নতুন যুগৰ সূচনা কৰি আহিছে । এই যুগত কৰিব নোৱাৰা কাম একো নাই। পৃথিৱীখন বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ হৈ গলেও প্ৰদূষণ মুক্ত এতিয়াও হোৱা নাই । বিভিন্ন ধৰণেৰে কাৰ্য্যৰ জৰিয়তে সকলোতে পৰিবেশ প্ৰদূষণ হৈ আছেই। এনে সময়তে হিৰোই প্ৰদূষণমুক্ত ইলেকট্ৰনিক মটৰ চাইকেল প্ৰস্তুত কৰি এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে প্ৰদূষণ মুক্তৰ ক্ষেত্ৰত। বিশেষকৈ গুৱাহাটীৰ বাবে ই এক বিশেষ পদক্ষেপ।

শনিবাৰে গুৱাহাটীৰ বৰাগাঁওত হিৰোই মুকলি কৰে ইলেকট্ৰনিক মটৰ চাইকেলৰ শ্ব’ৰুম । গুৱাহাটীত এয়া তৃতীয়খন হিৰোৰ মটৰ চাইকেল শ্ব ‘ৰুম ৷ জনপ্ৰিয় অভিনেতা কপিল বৰাই উদ্ধোধন কৰে এই শ্ব’ৰুমটো ৷ বৰ্ধিত প্ৰদূষনক ৰোধ কৰাৰ বাবে হিৰোৰ এয়া নিশ্চয়কৈ সুন্দৰ পদক্ষেপ ৷ ৰাইজে এই মটৰচাইকেল সমূহ আদৰি লৈ প্ৰদূষন ৰোধত অৱদান আগবঢ়াব বুলি সকলো আশাবাদী ।