নিউজ ডেস্ক, ২ জুলাই, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) পৰিচালনগত সুৰক্ষা অধিক শক্তিশালীকৰণ আৰু ৰে’লৱে প্ৰশিক্ষণ পদ্ধতি আধুনিকীকৰণৰ দিশত এক উল্লেখনীয় পদক্ষেপ হিচাপে কাটিহাৰ মণ্ডলৰ ক্ৰু ল’বিসমূহত কেইবাটাও ইন্টাৰেক্টিভ ডিজিটেল প্ৰযুক্তি প্ৰৱৰ্তন কৰা হৈ আছে যাতে লোকো পাইলটসকলৰ প্ৰশিক্ষণ ব্যৱস্থা অধিক ফলপ্ৰসূ, ব্যৱহাৰিক আৰু প্ৰযুক্তি নিৰ্ভৰ হয়। এই পদক্ষেপসমূহৰ লক্ষ্য হৈছে ক্ৰু পাইলটসকলক অধিক ফলপ্ৰসূ, ব্যৱহাৰিক আৰু প্ৰযুক্তি-চালিত প্ৰশিক্ষণ প্ৰদান কৰি তেওঁলোকৰ পৰিচালনগত জ্ঞান আৰু সিদ্ধান্ত গ্ৰহণ কৰাৰ দক্ষতা আৰু উন্নত কৰাৰ লগতে সুৰক্ষিত আৰু অধিক সুগম ৰেল পৰিচালন নিশ্চিত কৰি তুলিব।
এই পদক্ষেপৰ অংশ হিচাপে এই মণ্ডলৰ সকলো ক্ৰু ল’বিত ইন্টাৰেক্টিভ টাচ্ পেনেল স্থাপন কৰা হৈছে। এই ডিজিটেল প্লেটফৰ্মসমূহে দৈনন্দিন প্ৰশিক্ষণ, কাউন্সেলিং ছেছন আৰু গুৰুত্বপূৰ্ণ পৰিচালনগত তথ্যৰ তাৎক্ষণিকভাৱে উপলব্ধতা নিশ্চিত কৰি প্ৰশিক্ষণ প্ৰক্ৰিয়াক অধিক আকৰ্ষণীয় আৰু ব্যৱহাৰ-অনূকুল কৰি তুলিছে। কাটিহাৰ মণ্ডলে স্বয়ংক্ৰিয় চিগনেল পদ্ধতিৰ ওপৰত ইন্টাৰেক্টিভ কুইজ প্ৰৱৰ্তন কৰি লোকো পাইলটসকলক ক্ৰু ল’বিত নিয়মীয়াকৈ জ্ঞানৰ মূল্যায়ন কৰাৰ ফলত তেওঁলোকে ছিগনেলিং ব্যৱস্থাৰ মৌলিক নীতিসমূহৰ ওপৰত অধিক পাৰদৰ্শিতা অৰ্জন কৰিব।
ইয়াৰ উপৰিও স্বয়ংক্ৰিয় চিগনেল পদ্ধতিৰ এক বাস্তৱিক কাৰ্যকৰী মডেল স্থাপন কৰা হৈছে যাতে সংশ্লিষ্ট অৱধাৰণাক স্পষ্ট কৰি তুলিব পৰা যায়। ৰুট সম্পৰ্কে জ্ঞান অধিক সুগম কৰাৰ উদ্দেশ্যে কাটিহাৰ মণ্ডলত দিন আৰু ৰাতিৰ উভয় পৰিস্থিতিক সামৰি ইন্টাৰেক্টিভ ৰুট ভিডিঅ’গ্ৰাফী প্ৰৱৰ্তন কৰা হৈছে। এই উচ্চমানৰ ভিডিঅ’সমূহে লোকো পাইলটসকলক ৰে’ল পথৰ বাস্তৱিক দৃশ্যসন্মত পৰিচয় প্ৰদান কৰি বিভিন্ন দৃশ্যমান অৱস্থাত চিগনেল, ল্যাণ্ডমাৰ্ক, গ্ৰেডিয়েণ্ট আৰু অন্যান্য পৰিচালনগত বৈশিষ্ট্য চিনাক্ত কৰাত সহায় কৰে। এই ডিজিটেল পদক্ষেপে ৰে’ল পৰিচালনৰ পূৰ্বে লোকো পাইলটসকলৰ ৰুট-জ্ঞান অধিক সুদৃঢ় কৰাৰ লগতে পৰিচালনাগত প্ৰস্তুতিও উল্লেখযোগ্যভাৱে বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।
ইয়াৰ উপৰিও, মণ্ডলটোৱে ৰে’লৰ পৰিচালনগত বিষয়ৰ ওপৰত এক সমৰ্পিত প’ডকাষ্ট চিৰিজ মুকলি কৰিছে, য’ত আৰ.এছ. ভালভৰ কাৰ্যপদ্ধতি অন্তৰ্ভুক্ত আছে, যিয়ে নিৰৱচ্ছিন্ন প্ৰশিক্ষণৰ বাবে এক উদ্ভাৱনীমূলক মঞ্চ প্ৰদান কৰিব। একে সময়তে মালদা টাউনৰ ক্ৰু ল’বিক উন্নত ডিজিটেল আন্তঃগাঁথনি আৰু আধুনিক সুবিধাৰে উন্নীত কৰা হৈছে যাতে প্ৰযুক্তি-সক্ষম প্ৰশিক্ষণ আৰু পৰামৰ্শমূলক সুবিধাসমূহ অধিক ফলপ্ৰসূভাৱে প্ৰদান কৰিব পৰা যায়। এই পদক্ষেপসমূহে ডিজিটেল প্ৰযুক্তি ব্যৱহাৰ কৰি অধিক কৌশলী কৰ্মশক্তি গঢ়ি তোলাৰ দিশত লগতে সুৰক্ষাৰ মানদণ্ড সবল কৰি ৰেলৰ পৰিচালনগত উৎকৰ্ষতা প্ৰসাৰিত কৰাৰ দিশত উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অবিৰত প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে।
