বৰহাট, ৫ জুনঃ ঐতিহাসিক চৰাইদেউৰ ধোদৰ আলিৰ গড়কাপ্তানী পথটোৰ জৰাজীৰ্ণ অৱস্থাই অঞ্চলবাসীৰ দুৰ্ভোগ ভোগাইছে৷ ধোদৰ আলিৰ পৰা পূৱ দিশে বৰহাট চাহ বাগিচাৰ মাজেৰে প্ৰায় তিনি কিল’মিটাৰ দৈৰ্ঘ্যৰ ঐতিহাসিক কনচেং বৰপাত্ৰ পুখুৰী সংযোগী পথছোৱা গড়কাপ্তানী বিভাগৰ চূড়ান্ত গাফিলতিত সৰ্ম্পূণ ৰূপে জহি-খহি গৈছে৷ দৈনিক প্ৰায় ১২-১৩ খন গাওঁৰ ৰাইজে বোকা-পানী গছকি এই গড়কাপ্তানী পথটোৰে যাতায়ত কৰিবলগীয়া হৈছে৷ বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ আৱেদন জনাই অহাৰ পাছতো বিভাগটোৱে পথটোৰ পুনঃনিৰ্মাণৰ কাৰণে কোনোধৰণৰ বিহিত পদক্ষেপ গ্ৰহণৰ পৰিলক্ষিত নহ’ল৷ পূৰ্বৰ শাসকীয় কংগ্ৰেছ চৰকাৰখনে এই গড়কাপ্তানী পথটোৰ নিৰ্মাণৰ নামত ১৫ বছৰে অঞ্চলটোৰ জনতাৰ প্ৰতাৰণা কৰাৰ পিছত বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰ খনে পথটোৰ নিৰ্মাণৰ কাৰণে কোনো পদক্ষেপ গ্ৰহণ নকৰাত স্থানীয় লোকে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷ ভোক্তভোগী ৰাইজে আগন্তুক নিৰ্বাচনৰ পূৰ্বে শাসনাধিষ্ঠ চৰকাৰখনে পথছোৱাৰ পুনঃনিৰ্মাণৰ কাম সৰ্ম্পূণ নকৰিলে, আগন্তুক নিৰ্বাচন বৰ্জন কৰাৰ হুংকাৰ দিয়ে৷