গুৱাহাটী, ৫ জুনঃ পাঁচ জুনত সমগ্ৰ বিশ্বজুৰি পৰিবেশ সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি পৰিবেশ দিৱস উদযাপন কৰা হয়। এই দিনটোত পৰিবেশ সংৰক্ষণৰ বাবে গছপুলি ৰোপনৰ লগতে সজাগতা বৃদ্ধিৰ কাৰণে বিভিন্ন কাৰ্যসূচী পালন কৰা হয়। আজি এই দিনটোতে বিভিন্ন চৰকাৰী-বেচৰকাৰী সন্থাৰ লগত পৰিবেশ সংৰক্ষণৰ বাৰ্তা লৈ ওলাই আহিল এজাক বনৰীয়া হাতী। প্ৰাকৃতিক পৰিবেশৰ স্বৰ্গভূমি হিচাপে পৰিচিত ৰাণী বনাঞ্চলৰ পৰা যোৱা নিশা নামি অহা এজাক বনৰীয়া হাতীয়ে দ্বীপৰ বিলত অংকন কৰিলে এক মনোমোহা দৃশ্য। দ্বীপৰ বিলৰ পানীত হাতীৰ জাকৰ জলখেলা দৃশ্যই উৎফুল্লিত কৰি তোলে স্থানীয় বাসিন্দা তথা বন বিভাগক। দ্বীপৰ বিলৰ বিভিন্ন অঞ্চলত প্ৰায়ে হাতীৰ জাক নামি অহা দেখিবলৈ পোৱা যায় যদিও ইয়াৰ পৰিণতি কেতিয়াবা অতি তিক্ত হৈ পৰে, যেতিয়া মানুহৰ লগত হাতীৰ সংঘাত হয়। সাধাৰণতে হাতী অবাধ হাৰত বৃদ্ধি হোৱাৰ বিপৰীতে বনাঞ্চল ধ্বংস হোৱাত দ্বীপৰ বিল তথা ইয়াৰ কাষৰীয়া অঞ্চলত প্ৰায়ে খাদ্যৰ সন্ধানত নামি আহে। দ্বীপৰ বিলৰ পক্ষী অভয়াৰণ্যৰ মাখনা হাতীৰ প্রিয় খাদ্য৷ সেয়ে প্ৰায়ে ৰাতি হাতী দ্বীপৰ বিললৈ আহি মাখনা খাই পুনৰ উভতি যায়। কিন্তু আজি পৰিবেশ দিৱসৰ দিনা দেখা যায় এক বিৰল দৃশ্য৷ ৰাতিয়ে মাখনা খাবলৈ আহি সমগ্ৰ দিনটো জুৰিৰ পানীত জল খেলাত ব্যস্ত হৈ থাকে হাতীৰ জাকটো। হাতীৰ জাকটোৱে যেন দ্বীপৰ বিলৰ পানীত খেলি দ্বীপৰ বিল তথা ইয়াৰ পৰিবেশ সংৰক্ষণৰ আহ্বান জনায় মানৱ সমাজক। প্ৰায় ৬০ টা হাতীৰ জাকটো কেইবাটাও পোৱালি লৈ পানীত নামি পোৱালি কেইটাক  দ্বীপৰ বিলৰ লগত পৰিচয় কৰাই দিয়াৰ লগতে মানৱ সমাজলৈও আহ্বান জনায় তেওঁলোকৰ নৱ প্ৰজন্মৰ বাবে দ্বীপৰ বিলক সংৰক্ষণ কৰক। পোৱালি জাকেও হিয়া ভৰাই দ্বীপৰ বিলত মাখনা সোৱাদ উপভোগ কৰা দেখা যায়। হাতীৰ জাকটোৱ পৰিবেশ দিৱসৰ দিনা দ্বীপৰ বিলৰ পানীত নামি দ্বীপৰ বিলৰ পৰিবেশ অধিক মনোমোহা কৰি তোলাৰ লগতে যেন মানুহ-জন্তুৰ সংঘাত বিহীন এক পৰিবেশ সৃষ্টিৰ আহ্বান জনায়।