নিউজ ডেস্ক, ৩০ এপ্ৰিল, ২০২৪ : ফাৰ্মা কোম্পানী এষ্ট্ৰাজেনেকাই (AstraZeneca) ব্ৰিটেইনৰ আদালতত নিজৰ কভিড’-১৯ ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ কথা স্বীকাৰ কৰিছে। ফাৰ্মা কোম্পানী এষ্ট্ৰাজেনেকাই কয় যে তেওঁলোকৰ কভিড’-১৯ ভেকচিনে থ্ৰম্ব’চাইট’পেনিয়া চিনড্ৰম (TTS)ৰ সৈতে থ্ৰম্ব’ছিছৰ সৃষ্টি কৰিব পাৰে। সমগ্ৰ বিশ্বতে সন্ত্ৰস চলাইছিল কৰ’ণা ভাইৰাছে। কৰ’ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে কৰ’ণা ভেকচিন প্ৰদান কৰা হৈছিল যদিও বিগত কিছুবছৰ ধৰি এই ভেকচিনৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত চৰ্চা চলি আহিছে।

ইয়াৰ মাজতে কভিড’ ভেকচিন প্ৰস্তুত কৰা ঔষধ কোম্পানী এষ্ট্ৰাজেনেকাই ব্ৰিটেইনৰ আদালতত কভিড’ ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ কথা স্বীকাৰ কৰিছে। এই সন্দৰ্ভত লণ্ডনৰ কাকত ‘দ্য টেলিগ্ৰাফ’ৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে। প্ৰতিবেদন অনুসৰি এষ্ট্ৰাজেনেকাই আদালতত স্বীকাৰ কৰিছে যে তেওঁলোকৰ কভিড’-১৯ৰ ভেকচিনৰ পাৰ্শ্বক্ৰিয়া হ’ব পাৰে। কিছুমান ক্ষেত্ৰত ভেকচিনৰ ফলত থ্ৰম্ব’চাইট’পেনিয়া চিনড্ৰম (TTS)ৰ সৈতে থ্ৰম্ব’ছিছ হ’ব পাৰে।

চিকিৎসকৰ মতে থ্ৰম্ব’চাইট’পেনিয়া চিণ্ড্ৰম (TTS)ৰ বাবে শৰীৰত একেলগে দুটা গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ ফলত শৰীৰত তেজৰ গোট গঠন হয় আৰু প্লেটলেটৰ সংখ্যা কমি যাব পাৰে। টিটিএছৰ বাবে শৰীৰত তেজ জমা হয়। তেজত থকা প্লেটলেট আৰু প্ৰটিনবোৰ একেলগে লাগি থাকিবলৈ আৰম্ভ কৰিলে তেজৰ গোট গঠন হয়। বহু ক্ষেত্ৰত এই থোকবোৰ শৰীৰত নিজাববীয়াকৈ দ্ৰৱীভূত হৈ কোনো ৰোগৰ সৃষ্টি নকৰে, কিন্তু এই থোকবোৰ যদি কাৰোবাৰ শৰীৰত দ্ৰৱীভূত নহয়, তেন্তে ই বহুতো গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। হৃদযন্ত্ৰ আৰু মগজুৰ কাৰ্যত আটাইতকৈ বেছি প্ৰভাৱ দেখা যায় তেজৰ গোট গঠনৰ বাবে।

থ্ৰম্ব’ছিছৰ বাবে শৰীৰৰ সিৰাত তেজ জমা হ’ব পাৰে। অৰ্থাৎ শিৰাত তেজ জমা হয়। ইয়াৰ কাৰণে শৰীৰত তেজ সঠিকভাৱে প্ৰবাহিত নহয়। ভৰি, হাত, হৃদযন্ত্ৰ আৰু মগজুৰ যিকোনো ঠাইতে তেজৰ গোট গঠন হ’ব পাৰে। যদি হৃদযন্ত্ৰত এই তেজৰ জমা গঠন হয় তেন্তে হৃদযন্ত্ৰই তেজ পাম্প কৰাত অসুবিধাৰ সন্মুখীন হয়। ইয়াৰ বাবেই হৃদযন্ত্ৰৰ সিৰাত চাপ পৰে। হৃদযন্ত্ৰই সঠিকভাৱে কাম কৰিব নোৱাৰে আৰু ইয়াৰ বাবে হৃদযন্ত্ৰ বিকল বা হাৰ্ট এটেক হোৱাৰ আশংকা থাকে। একেদৰে মগজুত থ্ৰম্ব’ছিছ হ’লে মগজুত তেজৰ গোট গঠন হয়। মগজুলৈ তেজ সঠিকভাৱে যোগান ধৰা নহয়। ইয়াৰ বাবে মগজুৰ ৰক্তক্ষৰণ আৰু মগজুৰ ষ্ট্ৰোকৰ সম্ভাৱনা থাকে।

টিটিএছৰ ফলত শৰীৰত প্লেটলেটৰ অভাৱো হ’ব পাৰে। ইয়াৰ বাবে বহু ধৰণৰ তেজৰ বিকাৰ হোৱাৰ আশংকা থাকে।যিসকল লোকৰ শৰীৰত ভিটামিন কে’ৰ অভাৱ হয় তেওঁলোকৰ তেজ জমা হোৱাৰ আশংকা থাকে। অবিৰতভাৱে ইষ্ট্ৰজেনযুক্ত ঔষধ সেৱন কৰা লোকৰ তেজ জমা হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। ডায়েবেটিছ, বাতবিষ, অত্যধিক ধূমপান, মেদবহুলতা বৃদ্ধি, উচ্চ বি পি আৰু উচ্চ কলেষ্টেৰল আদিও তেজ জমা হোৱাৰ প্ৰধান বিপদজনক কাৰক। তেজ জমা হোৱা চিনাক্তকৰণৰ বাবে বহু ধৰণৰ পৰীক্ষা কৰা হয়। ইয়াৰ ভিতৰত আটাইতকৈ সাধাৰণ হ’ল ডি-ডাইমাৰ পৰীক্ষা। ইয়াৰ উপৰিও ইমেজিং টেষ্টো কৰা হয়। ইয়াত আল্ট্ৰাছাউণ্ড ব্যৱহাৰ কৰি শৰীৰত তেজ জমা হোৱা দেখা যায়। বিশেষকৈ ভৰি আৰু হৃদযন্ত্ৰৰ শিৰাত ইয়াক পৰীক্ষা কৰা হয়।

হৃদযন্ত্ৰত ক্লট পৰীক্ষা কৰিবলৈ এণ্ডিঅ’গ্ৰাফী কৰা হয় আৰু চিটি স্কেনও কৰা হয়। এই পৰীক্ষাসমূহৰ সহায়ত শৰীৰৰ যিকোনো ঠাইত তেজ জমা হোৱাৰ তথ্য পোৱা যায়। যদি এই পৰীক্ষাসমূহৰ সময়ত শৰীৰত তেজ জমা হোৱা দেখা যায়, তেন্তে চিকিৎসকে এন্টিকোএগুলেণ্ট দিব পাৰে। এইবোৰ তেজ পাতল কৰা ঔষধ যিয়ে তেজ জমা হোৱাত বাধা দিয়ে। কিন্তু যদি ইতিমধ্যে তেজৰ গোট গঠন হয় তেন্তে ই সেইবোৰ নাইকিয়া নকৰে। কেৱল নতুন ক্লট গঠন নহ’বলৈহে ব্যৱহাৰ কৰা হয়। যদি তেজৰ গোট নাইকিয়া কৰিব লাগে তেন্তে চিকিৎসকে ইয়াৰ বাবে থ্ৰম্ব’লাইটিক ঔষধ দিয়ে। যদি এই সমস্যা ঔষধৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা নহয় তেন্তে থ্ৰম্বেক্টমী কৰা হয়। এয়া এক প্ৰকাৰৰ অস্ত্ৰোপচাৰৰ দ্বাৰা শৰীৰত জমা হোৱা তেজৰ গোট আঁতৰাই পেলোৱা হয়।