গৰৈমাৰী, ৩০ এপ্ৰিল, ২০২৪ : এক শোকাবহ দুর্ঘটনা। অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱালে দুই ভাতৃয়ে (Two Brother Killed)। মৃত দুই ভাতৃৰ মাতৃ গৰাকীও অগ্নিদগ্ধ হৈ গুৰুত্বৰভাৱে আহত। আহত মাতৃ গৰাকী সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি বিৰাজ কৰিছে শোকৰ ছাঁ।

পুৱতি নিশা কামৰূপ জিলাৰ গৰৈমাৰী অঞ্চলত সংঘটিত হৈছে এক শোকাবহ অগ্নিকাণ্ডৰ ঘটনা। এই শোকাবহ অগ্নিকাণ্ডৰ ঘটনাত দুজনকৈ যুৱক অগ্নিদগ্ধ হৈ নিহত হোৱাৰ লগতে যুৱক দুজনৰ মাতৃ গৰাকীও গুৰুত্বৰভাৱে আহত হয়। এই শোকাবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে গৰৈমাৰী অঞ্চলৰ জাহিৰপুৰত। গাঁওখনৰ অতি দৰিদ্ৰ পৰিয়ালৰ বাহাদুৰ আলীৰ ঘৰত নিশা প্ৰায় ২ বজাত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।

বাহাদুৰ আলীৰ পৰিয়ালটো নিশা শুই থকা অৱস্থাত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাত বাহাদুৰ আলীৰ ২০ বছৰীয়া দুই পুত্ৰ সাজন আলী আৰু সমেজ আলী অগ্নিদগ্ধ হৈ মৃত্যুৰ মুখত পৰে। এই অগ্নিকাণ্ডৰ ঘটনাত বাহাদুল আলীৰ পত্নী আঞ্জুৱাৰা বেগম অগ্নিদগ্ধ হৈ গুৰুত্বৰভাৱে আহত হয়। আহত আঞ্জুৱাৰা বেগমক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও বিদ্যুৎ বিজুতিৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

অগ্নিকাণ্ডৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰে যদিও দৰিদ্ৰ পৰিয়ালটোৰ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। দৰিদ্ৰ বাহাদুৰ আলীয়ে চৰকাৰৰ পৰা লাভ কৰা একমাত্ৰ ঘৰটোত চাৰিজনীয়া পৰিয়ালসহ বসবাস কৰি আছিল।

অগ্নিদগ্ধ হৈ মৃত্যু হোৱা বাহাদুল আলীৰ দুই পুত্ৰ সাজন আলী আৰু সমেজ আলী মূকবধিৰ আছিল বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে দুই ভাতৃৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল লৈ প্ৰেৰণ কৰিছে। নিশা শুই থকা অৱস্থাত অগ্নিদগ্ধ হৈ দুই ভাতৃৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ গৰৈমাৰী অঞ্চলত শোকৰ ছাঁ পেলাইছে।