আজিজুল হক
বৰপেটা
২ জুলাই

বৰপেটা জিলাৰ ভেল্লাত ক’ভিড ভেকচিন প্ৰদান কাৰ্যসূচীৰ প্ৰতি ৰাইজৰ পূৰ্ণ সমৰ্থন। ক’ভিড ভেকচিন কেন্দ্ৰ সমূহত ভেকচিন লবলৈ অহা ৰাইজৰ ব্যাপক ভিৰ। ইফালে ভেকচিন কেন্দ্ৰ সমূহত পৰ্যাপ্ত পৰিমাণে ভেকচিন নথকাৰ ফলত দিনৰ দিনটো ভেকচিনৰ বাবে শাৰী পাতি ভেকচিন নোলোৱাকৈ ঘৰলৈ ঘুৰিছে বহু লোক।

কেন্দ্ৰীয় চৰকাৰক বিনামূলীয়া ক’ভিড ভেকচিন প্ৰদান কাৰ্যসূচীত পূৰ্ণ সহযোগ আগবঢ়াইছে ৰাইজে। মাৰাত্মক ক’ভিডৰ প্ৰতিষেধক ভেকচিন গ্ৰহণ কৰিবলৈ ভেকচিন প্ৰদান কেন্দ্ৰ সমূত দীঘলীয়া শাৰী পাতি থকা পৰিলক্ষিত হৈছে কেন্দ্ৰ সমূহত। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বৰপেটা জিলাৰ ভেকচিন কেন্দ্ৰ সমূহৰো একেই পৰিৱেশ।

বৰপেটা জিলাৰ ভেল্লাৰ ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয় ভেকচিন প্ৰদান কেন্দ্ৰত ভেকচিন লোৱাৰ বাবে শুকুৰবাৰে ৰাতিপুৱাৰে পৰা দেখিবলৈ পোৱাও যায় কেইবাশতাধিক মানুহৰ সমাগম। ১৮ বছৰৰ উৰ্ধৰ যুৱক-যুৱতীকে ধৰি বৃদ্ধ-বৃদ্ধাসকলেও ৰাতিপুৱাৰে পৰা ভেকচিন লোৱাৰ বাবে ভেকচিন কেন্দ্ৰটোত শাৰী পাতি থিয় হয়। ভেকচিন লবলৈ অহা লোক সকলোৰ মাজত দেখিবলৈ পোৱা যায় উৎসাহ।

ভেকচিন লবলৈ অহা লোক সকলে বৰ্তমানলৈকে ভেকচিন নোলোৱা লোক সকলক ভেকচিন লোৱাৰ বাবে আহ্বান জনায় যদিও ইফালে ভেকচিন কেন্দ্ৰত নাই পৰ্যাপ্ত ভেকচিন। প্ৰয়োজন অনুসৰি ভেকচিন কেন্দ্ৰটোত ভেকচিন যোগান নধৰাৰ ফলত প্ৰতিদিনে ভেকচিন নোলোৱাকৈ ঘৰলৈ ঘুৰি যাবলগীয়া হৈছে বহু লোক।

উল্লেখযোগ্য যে, ভেল্লাৰ এই ভেকচিন প্ৰদান কেন্দ্ৰত দৈনিক ১২০ ৰ পৰা ১৬০ জন লোকক ভেকচিন প্ৰদান কৰা হৈ আছে যদিও ভেকচিন লোৱাৰ বাবে উক্ত কেন্দ্ৰটোত প্ৰতিদিনে কেইবাশতাধিক লোকৰ উপস্থিতি দেখিবলৈ পোৱা যায়। কেন্দ্ৰটোত ভেকচিনৰ নাটনিৰ ফলত দৈনিক কেইবা শতাধিক লোকে ভেকচিন লাভৰ পৰা বঞ্চিত হোৱা পৰিলক্ষিত হৈছে।

উক্ত কেন্দ্ৰটোত বৃহত্তৰ ভেল্লা অঞ্চলৰ লোকৰ লগতে ভেল্লাৰ কাষৰীয়া কেইবাখনো গাঁৱৰ লোকে ভেকচিন লবলৈ আহে। ভেকচিন লবলৈ অহা লোকৰ অনুপাতে ভেকচিনৰ যোগান কম হোৱা পৰিলক্ষিত হৈছে কেন্দ্ৰটোত। ৰাইজে প্ৰয়োজন অনুপাতে কেন্দ্ৰটোত ভেকচিনৰ যোগান ধৰাৰ বাবে চৰকাৰলৈ দাবী জনাইছে।