জোনমণি বেগম

বিশ্বনাথ

২ জুলাই

বিশ্বনাথ আৰক্ষীয়ে পুনৰ লাভ কৰিলে এক বৃহৎ সাফল্য। নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই বিশ্বনাথ আৰক্ষীয়ে লাভ কৰিলে এই সাফল্য। বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক কৰিলে এজন গাঞ্জা সৰবৰাহকাৰীক। কিছুদিন পূৰ্বে বিশ্বনাথ আৰক্ষীয়ে জব্দ কৰিছিল বৃহৎ পৰিমাণৰ অবৈধ সুৰা।

অসম আৰক্ষীৰ নিচাজাতীয় সামগ্ৰী বিৰোধী অভিযান অব্যাহত আছে। প্ৰতিদিনে অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলাই জব্দ কৰি আছে বিভিন্ন প্ৰকাৰৰ নিচাজাতীয় সামগ্ৰী। এই নিচাজাতীয় সামগ্ৰী বিৰোধী অভিযানত পূৰ্ণ সহযোগ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে বিশ্বনাথ আৰক্ষীৰ। এই ক্ষেত্ৰত বিশ্বনাথ আৰক্ষীয়ে ইতিমধ্যে লাভ কৰিছে কেইবাটাও সাফল্য।

শুকুৰবাৰে পুনৰ বিশ্বনাথ জিলা আৰক্ষীৰ উপ-পৰিদৰ্শক জয়ন্ত বৰুৱাৰ নেতৃত্বত আৰু অৰ্ধ সামৰিক বাহিনীৰ ৩০ নং বটেলিয়নৰ সহযোগত বিশ্বনাথ কুৱঁৰী সংযোগী পথৰ কাষত চলোৱা এক অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ গাঞ্জা। অভিযানকাৰী দলটোৱে বৃহৎ পৰিমাণৰ গাঞ্জাৰ লগতে আটক কৰে এজন গাঞ্জা সৰবৰাহকাৰীক।

আৰক্ষীয়ে আটক কৰা গাঞ্জা সৰবৰাহকাৰী জনৰ নাম মৃদুল চমুৱা বুলি জানিব পৰা গৈছে। মৃদুল চমুৱাই নিজৰ ঘৰৰ মজিয়াৰ তলত থকা গোপন কক্ষত মজুত কৰি ৰাখিছিল এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি। ধৃত মৃদুল চামুৱাই দীর্ঘদিন ধৰি গাঞ্জাৰ বেহাৰ লগত জড়িত থকা বুলি জানিব পৰা গৈছে।

বিশ্বনাথ জিলা আৰক্ষীৰ অভিযানকাৰী দলটোৱে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই অৱশেষত হাতে লোটে ধৰিবলৈ সক্ষম হয় মৃদুল চমুৱাক। উল্লেখ্য যে বিশ্বনাথ আৰক্ষীয়ে বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ লগতে অবৈধ সুৰাৰ বিৰুদ্ধেও অভিযান তীব্রতৰ কৰি তুলিছে। কিছুদিন পূৰ্বে আৰক্ষীয়ে জব্দ কৰিছিল বৃহৎ পৰিমাণৰ অবৈধ সুৰা।