আজিজ আলী
মুকালমুৱা : নলবাৰী জিলাৰ মুকালমুৱাত ক’ভিড ভেকচিনৰ নাটনিৰ অভিযোগ ৰাইজৰ। ক’ভিড ভেকচিনৰ নাটনিয়ে ভেকচিন লব বিচৰা লোক সকলক চিন্তিত কৰি তুলিছে৷ পৰ্যাপ্ত পৰিমাণৰ ভেকচিন দিয়াত ব্যৰ্থ হোৱাৰ অভিযোগ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে।

উল্লেখযোগ্য যে মুকালমুৱাত ক’ভিড ভেকচিন লোৱাৰ বাবে প্ৰতিদিনে ভেকচিন প্ৰদান কেন্দ্ৰত বহু লোকে ভীৰ কৰা পৰিলক্ষিত হৈছে যদিও ভেকচিনৰ নাটনিৰ বাবে বহু লোকে ভেকচিন নোলোৱাকৈ ওভতি যাব লগা হয় ভেকচিন প্ৰদান কেন্দ্ৰ সমূহৰ পৰা৷ ভেকচিন লব নোৱাৰি মুকালমুৱাৰ চণ্ডিমেধী বালিকা বিদ্যালয়ৰ ভেকচিন প্ৰদান কেন্দ্ৰত মঙলবাৰে এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৷

চণ্ডিমেধী বালিকা বিদ্যালয়ৰ ক’ভিড ভেকচিন কেন্দ্ৰত ভেকচিন লোৱাৰ বাবে পুৱা ৫ বজাৰ পৰা বহু লোকে শাৰী পাতি অপেক্ষা কৰি থাকে যদিও পৰ্যাপ্ত পৰিমাণৰ ভেকচিন নাথাকৰ ফলত বহু লোকে ভেকচিন নোলোৱাকৈ উভতি যায়। মুকালমুৱাত ভেকচিন পৰ্যাপ্ত পৰিমাণে দিয়াৰ লগতে ভেকচিন প্ৰদান কাৰ্যসূচী বৃদ্ধি কৰিবলৈ স্থানীয় ৰাইজে আহ্বান জনাইছে।