আজিজ আলী

মুকালমুৱা : মৰিগাঁৱৰ দুই যুৱকৰ লাডাখলৈ পদযাত্ৰা। বৰক্ষেত্ৰীৰ দৌলাশালত উপস্থিত হোৱা যুৱক দুজনক সম্বৰ্ধনা। চাৰিদিন পূৰ্বে পদযাত্ৰা আৰম্ভ কৰা যুৱক দুজন মঙলবাৰে উপস্থিত হয় বৰক্ষেত্ৰীত।

মৰিগাঁও জিলাৰ দুই যুৱকে নৱপ্ৰজন্মক উৎসাহিত কৰাৰ উদ্দেশ্যে আগত ৰাখি আৰম্ভ কৰিছে এক বিশেষ অভিযান।মৰিগাঁৱৰ জুৰআঁহত গাঁৱৰ নীলমনি নাথ আৰু মানিকপুৰ ঔজাৰিৰ লক্ষীদাস নামৰ যুৱক দুজনে পদযাত্ৰাৰে ৰাওনা হৈছে লাডাখলৈ।

চাৰিদিন পূৰ্বে মৰিগাঁৱৰ পৰা পদযাত্ৰা আৰম্ভ কৰা যুৱক দুজন মংগলবাৰে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ দৌলাশালত উপস্থিত হয়। দৌলাশালত উপস্থিত হোৱাত মৰিগাঁৱৰ যুৱক দুজনক সম্বৰ্ধনা আৰু শুভেচ্ছা জ্ঞাপন কৰে সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী অসমে৷

বিৰিণা গোষ্ঠী অসমৰ নামাংকিত ফুলাম গামোচা আৰু বিৰিণাৰ দ্বাৰাই প্ৰকাশিত গ্ৰন্থৰে যুৱক দুজন সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰ উপৰিও অঞ্চলটোৰ বিভিন্নজনে যুৱক দুজনক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ঠায়ে ঠায়ে ছেলফী ল’বলৈও হেতাওপৰা লগায়। পদযাত্ৰাৰে লাডাখত উপস্থিত হ’বলৈ যুৱক দুজনক তিনিমাহ সময় লাগিব বুলি যুৱকদ্বয়ে জানিবলৈ দিয়ে।