গুৱাহাটী, ২০ ছেপ্টেম্বৰ, ২০২৩ : ২০২০ আৰু ২০২১ বৰ্ষত ক’ভিড (Covid) ৰোগে মহামাৰীৰ ৰূপ লৈছিল। দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো স্থায়ী আৰু অস্থায়ী বহুতো চিকিৎসালয়ত ক’ভিডত আক্ৰান্ত হাজাৰ হাজাৰ লোকক আৱদ্ধ কৰি চিকিৎসা কৰা হৈছিল। ক’ভিডকালত বহু অস্থায়ী চিকিৎসা কেন্দ্ৰত অসম চৰকাৰে ১৩২৪ জন লোকক চাফাই কৰ্মী হিচাপে নিয়োগ কৰিছিল।

সেই সময়ত তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী অৰ্থাৎ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চাফাই কৰ্মী সকলক স্থায়ী নিযুক্তিৰ প্ৰতিশ্ৰুতি দি অস্থায়ীভাৱে তেওঁলোকক কামত নিয়োগ কৰিছিল। অতি পৰিতাপৰ বিষয় যে অস্থায়ীভাৱে নিযুক্তি দিয়া সেই চাফাই কর্মী সকলক আজি পৰ্যন্ত স্থায়ীভাৱে নিযুক্তি প্ৰদান কৰা হোৱা নাই। সেয়ে আজি দহ দিন ধৰি চাফাই কৰ্মী সকলে গুৱাহাটীৰ চচলত শান্তিপূৰ্ণ প্ৰতিবাদ তথা অনশনত ব্ৰতী হৈ আছে।

আজি এই অনশনস্থলীত উপস্থিত হয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া। ডঃ শইকীয়াই চাফাই কৰ্মী সকলৰ দুখ দুৰ্দশাৰ বুজ লৈ সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ক’ভিডকালত ক’ভিডৰ বিৰুদ্ধে চাফাই কৰ্মী সকলেই আছিল প্ৰথম শাৰীৰ যোদ্ধা। এই চাফাই কৰ্মী সকলে সেই সময়ত মানৱ জাতিৰ জীৱন ৰক্ষাৰ বাবে বহু ত্যাগ স্বীকাৰ কৰি সেৱা আগবঢ়াইছিল। তেতিয়াৰ স্বাস্থ্য মন্ত্ৰী তথা আজিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ কৈছিল যে এওঁলোকক স্থায়ীভাৱে নিযুক্তি প্ৰদান কৰা হ’ব। কিন্তু মই আচৰিত হৈছোঁ মানৱ জাতিৰ বিপদৰ সময়ত নিজৰ জীৱনৰ প্ৰতি মায়া মোহ ত্যাগ কৰি কাম কৰা এই চাফাই কৰ্মী সকলক চৰকাৰে বঞ্চিত কৰি ৰাখিছে।

কেৱল বঞ্চিত কৰা নাই ই এক প্রবঞ্ছনাৰ ঘটনা বুলি ডঃ দিব্যজ্যোতি শইকীয়াই উল্লেখ কৰে। উল্লেখযোগ্য যে বিগত ২০২১ চনৰ ২৪ ফেব্ৰুৱাৰীত ভাৰত চৰকাৰৰ এজন সচিব পৰ্যায়ৰ বিষয়া ভি কে ভাল্লাই অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা প্ৰিন্সিপাল চেক্ৰেটাৰী সমীৰ কুমাৰ সিনহাক পত্ৰ যোগে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে যদিও আজিকোপতি কোনো ধনাত্মক ব্যৱস্থা অসম চৰকাৰে গ্ৰহণ নকৰাত বিশিষ্ট মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই চৰকাৰক তীক্ষ্ণভাৱে সমালোচনা কৰাৰ লগতে অনতিপলমে চাফাই কৰ্মী সকলৰ দাবী মানি লবলৈ অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক দাবী জনায়।