দক্ষিণ শালমাৰা : ভাৰত-বাংলাদেশ সীমান্তত ভাং আৰু চোৰাং গৰুসহ এজন গ্ৰেপ্তাৰ। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৰ দুটা পৃথক স্থানত বিএছএফে অভিযান চলাই বৃহৎ পৰিমাণৰ ভাং আৰু এটা চোৰাং গৰুসহ এজন গৰু সৰবৰাহকাৰীক আটক কৰি আৰক্ষীক চমজাই দিছে।

মানকাচৰৰ সদৰটিলাত বিএছএফ কেম্প এলেকাত ৬ নং বেটেলিয়ানৰ সীমান্ত সুৰক্ষা বাহিনীয়ে মঙলবাৰে পুৱতি নিশা ৩ বজাত প্ৰায় ৩ কেজি ওজনৰ ভাং জব্দ কৰে। সীমান্তত বিএছএফে টহল দি থকা অৱস্থাত এজন ড্ৰাগছ সৰবৰাহকাৰী ভাংখিনি কাইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি দলিয়াই বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ চেষ্টা চলাওঁতে বিএছএফে ভাংখিনি জব্দ কৰে যদিও ড্ৰাগছ সৰবৰাহকাৰীজন পলায়ন কৰে। বিএছএফে ভাংখিনি জব্দ কৰি মানকাচৰ আৰক্ষীক চমজাই দিছে।

ইফালে পুৱতি নিশাই কুকুৰমাৰা-গুদলিগাঁও বিএছএফ কেম্প এলেকাতো কাইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি ঢেকিৰ সহযোগত এটা গৰু সৰবৰাহকাৰী চক্ৰই বাংলাদেশলৈ গৰু সৰবৰাহ কৰি থকা অৱস্থাত বিএছএফে এজন গৰু সৰবৰাহকাৰীক এটা গৰুসহ আটক কৰে। ধৃত গৰু সৰবৰাহকাৰীজনক মানকাচৰ থানাৰ অন্তৰ্গত বোৱালীয়া গাঁৱৰ আব্দুল মতলেব ওৰফে ছফিয়ান বুলি চিনাক্ত কৰা হৈছে।বিএছএফে গৰু সৰবৰাহকাৰীজনক মানকাচৰ থানাত গতাই দিয়াত আৰক্ষীয়ে সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰিছে।