দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দক্ষিণ শালমাৰাৰ মহুৰীৰচৰ হাই স্কুলত আছুৰ উদ্যোগত বাল্য বিবাহ, ড্ৰাগছ, নাৰী নিৰ্যাতন আৰু শিশু শ্ৰমিকৰ বিৰুদ্ধে এক সজাগতা সভা অনুষ্ঠিত কৰা হয়। মহুৰীৰচৰ আঞ্চিলক আছুৰ উদ্যোগত মহুৰীৰচৰ হাই স্কুল প্ৰাংগণত অনুষ্ঠিত এই সজাগতা সভাৰ সভাপতিত্ব কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক ইদ্ৰিছ আলীয়ে।

চৰাঞ্চল সমূহত প্ৰায়ে বাল্য বিবাহৰ ঘটনা সংঘটিত হোৱাৰ লগতে ড্ৰাগছ, নাৰী নিৰ্যাতন, শিশু শ্রমিক আদিৰ দৰে ঘটনাও পৰিলক্ষিত হয়। সেইহে বাল্য বিবাহ, ড্ৰাগছ, নাৰী নিৰ্যাতন আৰু শিশু শ্ৰমিকৰ বিৰুদ্ধে আছুৱে এক সজাগতা সভা অনুষ্ঠিত কৰি ৰাইজক সজাগ কৰাৰ প্ৰচেষ্টা হাতত লয়। সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শৰিফুল ইছলাম প্ৰধানী।

আনহাতে সজাগতা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে দক্ষিণ শালমাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰাকিবুল ইছলাম, মহুৰীৰচৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আশিক ইকবল, স্থানীয় শিক্ষিক হজৰত আলী, গোলাপ উদ্দিনৰ লগতে বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা সকল। আছুৰ উদ্যোগত জিলাখন অন্যান্য অঞ্চল সমূহতো এনে সজাগতা সভা অনুষ্ঠিত কৰা হ’ব বুলি জানিবলৈ দিয়া হয়।