গুৱাহাটী ১২ এপ্ৰিল, ২০২৪ : মেঘালয়ত লাভ কৰা ব্যাপক সফলতাৰ পিছত সমগ্ৰ ৰাজ্যতে উপলব্ধ হোৱাকৈ অলপতে গুৱাহাটীত মুকলি কৰা হয় চেৰাপুঞ্জী (Cherapunji) ক্ৰাফ্ট জিন। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ চেৰাপুঞ্জীত আৰম্ভনি ঘটা পূবৰ এই একমাত্ৰ ক্ৰাফ্ট জিনবিধ বিশুদ্ধ বৰষুণৰ পানী আৰু থলুৱা উদ্ভিদজাতীয় দ্ৰব্যৰে তৈয়াৰ কৰা হয়। মাষ্টাৰ ডিষ্টিলাৰ আৰু ডাচ্চ চিন্তনৰ সংমিশ্ৰণেৰে সৃষ্ট এই জিনবিধ হৈছে উত্তৰ-পূব ভাৰতৰ ১২ প্ৰকাৰৰ থলুৱা উদ্ভিদৰ সংযোজন।

এই আৱিষ্কাৰৰ নেপথ্যৰ মূল উদ্দেশ্য আছিল স্থানীয় স্বাদসমৃদ্ধ এবিধ থলুৱা জিন প্ৰস্তুত কৰি উলিওৱা যিয়ে সমগ্ৰ বিশ্বক আকৰ্ষিত কৰি তুলিব পাৰে।ক্ৰীমসমৃদ্ধ, মসৃণ জুনিপাৰভিত্তিক আৰু সামান্য ধোঁৱাৰ আভাস থকা চেৰাপুঞ্জি ক্ৰাফ্ট জিন হৈছে চাইট্ৰাছ ফৰৱাৰ্ড নোটযুক্ত এবিধ ডিজাইনাৰ জিন। ইয়াৰ ডিষ্টিলিং, বটলিং আৰু ছ’ৰ্চিং আমাৰ বহনক্ষমতাৰ মূল্যবোধৰ মাজত শিপাই আছে। আমি ভূগৰ্ভস্থ পানীৰ সলনি বৰষুণৰ পানী ব্যৱহাৰ কৰো। ডিষ্টিলেৰীৰ ওচৰতে প্ৰয়োজনীয় স্থানীয় উদ্ভিদসমূহৰ উৎস আছে।

আমি নেদাৰলেণ্ডৰ পৰা আহৰণ কৰা আটাইতকৈ উন্নত ষ্টিল ব্যৱহাৰ কৰি শক্তিৰ ব্যৱহাৰ ৭০ শতাংশ হ্ৰাস কৰিছো। কাঁচৰ সলনি পুনৰ ব্যৱহাৰযোগ্য ষ্টীলৰ বটল ব্যৱহাৰত গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। স্পিৰিট প্ৰস্তুতকৰণৰ পৰম্পৰাগত পদ্ধতি সলনি কৰি বৰ্তমান ক্ৰাফ্ট স্পিৰিট উদ্যোগটোক অধিক পৰিৱেশ অনুকূল কৰি তোলাৰ প্ৰচেষ্টা চলোৱা হৈছে। “আমি এনে এটা জিন প্ৰস্তুত কৰিব বিচাৰিছিলো যিটো আমাৰ অঞ্চলৰ বাবে অনন্য হোৱাৰ লগতে ই যাতে নিজৰ সোৱাদেৰে সমগ্ৰ বিশ্বক আকৰ্ষণ কৰিব পাৰে। বৰ্তমান কোনো যোগান শৃংখল নথকা বাবে আমি নিজেই এই বিৰল উদ্ভিদজাতীয় সামগ্ৰীবোৰৰ উৎস বিচাৰ আৰু প্ৰক্ৰিয়াকৰণ কৰোঁ। এই উদ্ভিদজাতীয় সামগ্ৰীবোৰে কেতিয়াও জিনৰ প্ৰস্তুতকৰণ তালিকাত স্থান লাভ কৰা নাই আৰু সেইটোৱেই আমাক অতি অনন্য কৰি তুলিছে” প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া ময়ূষ হাজৰিকাই কয়।

অসমৰ কাজী নেমু, মেঘালয়ৰ খাছী মেণ্ডেৰিন, মণিপুৰৰ স্মোক্ড টি, ছিকিমৰ ইলাচি আৰু পূব হিমালয়ৰ জুনিপাৰ আদি উপাদানেৰে প্ৰস্তুত কৰা চেৰাপুঞ্জী জিন সঁচাকৈয়ে উত্তৰ-পূৰ্বাঞ্চলৰ চহকী প্ৰাকৃতিক পৰিৱেশতন্ত্ৰৰ দান। জিনৰ বটলটোত ভাৰতৰ চেৰাপুঞ্জীৰ ৰঙীন জীৱনৰ চিত্ৰ অংকন কৰা হৈছে। মেণ্ডেৰিন পিকাৰ, ঔপনিৱেশিক যুগৰ বেডফোৰ্ড বাছ, ৰঙা পাণ্ডা, বাঁহৰ অৰণ্য, মনোলিথ আদি সকলোবোৰ এই অলস, বৰ্ষণমুখৰ ঠাইখনৰ এটা অংশ। এই উপাদানসমূহ পৰ্টলেণ্ডৰ ডিজাইনাৰ ৰেশিদেৱ আৰ কেয়ে সুন্দৰভাৱে চিত্ৰিত কৰিছে।

চেৰাপুঞ্জী ক্ৰাফ্ট জিনৰ বটলটো মিলিটাৰী গ্ৰেডৰ ষ্টেইনলেছ ষ্টীলৰ পৰা তৈয়াৰ কৰা হৈছে। আমাৰ বহনক্ষমতাৰ প্ৰতি থকা দৃঢ় বিশ্বাসৰ প্ৰতি লক্ষ্য ৰাখি বটলটোৰ আকৃতি তৈয়াৰ কৰা হৈছে। কাৰ্বন ফুটপ্ৰিণ্ট হ্ৰাস কৰিব পৰাকৈ কাঁচৰ বটলৰ ঠাইত এবিধ বিশেষ সামগ্ৰী বিচাৰ কৰা হৈছিল। ইয়াৰ পৰিণতিস্বৰূপে গ্ৰহণ কৰা হয় ১৫৮ গ্ৰাম ওজনৰ এটা ষ্টেইনলেছ ষ্টীলৰ বটল।