নিউজ ডেস্ক, ১১ এপ্ৰিল, ২০২৪ : উত্তৰ-পূব সীমান্ত ৰে’লৱে আন্তৰ্জাতিক মানসম্পন্ন উৎকৃষ্ট খেলুৱৈ (Sports) সৃষ্টি কৰাৰ উদ্দেশ্যে ক্ৰীড়া প্ৰতিযোগিতাৰ প্ৰচাৰ আৰু উৎসাহিতকৰণৰ বাবে এক পৰিৱেশ সৃষ্টি কৰাৰ দিশত ক্ৰমাগতভাৱে সমৃদ্ধিশালী হৈ উঠিছে। উত্তৰ-পূব সীমান্ত ৰে’লৱে ক্ৰীড়া সংস্থাৰ কামকাজ উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অধীনত পৰিচালনা কৰা হয় যি হৈছে উত্তৰ পূব সীমান্ত ৰে’লৱেত ক্ৰীড়াৰ দিশত জোনেল পৰ্যায়ৰ এক সংস্থা।

এনএফআৰএছএ’ৰ মুখ্য উদ্দেশ্য হৈছে এই ৰে’লৱেৰ খেলুৱৈসকলক বিশ্বমানৰ ক্ৰীড়া আন্তঃগাঁথনি আৰু ৰে’লৱেৰ দ্বাৰা প্ৰদান কৰা সুবিধাসমূহ ব্যৱহাৰ কৰি তেওঁলোকৰ সম্ভাৱনাসমূহক সৰ্বাধিক বিকশিত কৰাৰ দিশত সুবিধা প্ৰদান কৰা, যাতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ পদক জয়ৰ ক্ষেত্ৰত তেওঁলোকৰ কৰ্মক্ষমতা বৃদ্ধি পায়। বৰ্তমান উত্তৰ পূব সীমান্ত ৰে’লৱেৰ এক আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিভাশালী খেলুৱৈৰ গোট আছে যিয়ে বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাত অলিম্পিক, বিশ্ব চেম্পিয়নশ্বিপ, কমনৱেলথ গেমছ, এছিয়ান গেমছ, এছিয়ান চেম্পিয়নশ্বিপ, এছিয়া কাপ আদিত দেশক প্ৰতিনিধিত্ব কৰে।

২০২৩-২৪ বিত্তীয় বৰ্ষৰ সময়ছোৱাত এই ৰে’লৱেৰ খেলুৱৈসকলে সাঁতোৰ, হেপ্টাথলন, চাইকেল চালন, ভাৰোত্তোলন আৰু এথলেটিকছৰ দৰে বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাত এই সংমণ্ডলৰ বাবে উল্লেখযোগ্য কৃতিত্ব প্ৰদৰ্শন কৰিছে আৰু বিজয়ীৰ খিতাপ অৰ্জন কৰিছে। ২০২৩ বৰ্ষত বেংককত অনুষ্ঠিত এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত স্বপ্না বৰ্মনৰ দৰে অভিজাত খেলুৱৈয়ে হেপ্টাথলনত ৰূপৰ পদক অৰ্জন কৰে, এল ৰোনাল্ডো সিঙে মালয়েছিয়াত অনুষ্ঠিত এছিয়ান ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপত চাইক্লিঙত ৰূপৰ পদক অৰ্জন কৰে, মনজিৎ কুমাৰে থাইলেণ্ডত অনুষ্ঠিত এছিয়া কাপত অনুষ্ঠিত দলীয় ট্ৰেক চাইক্লিং ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰে।

চীনত অনুষ্ঠিত ৱৰ্ল্ড ইউনিভাৰচিটি গেমছত ২০০ মিটাৰ দৌৰত অম্লান বৰগোহাঁইয়ে ব্ৰঞ্জৰ পদক লাভ কৰে আৰু বিন্দিয়াৰাণী দেৱীয়ে অৰুণাচল প্ৰদেশত অনুষ্ঠিত আইডব্লিউএলএফ ছিনিয়ৰ মহিলা ৰাষ্ট্ৰীয় ভাৰোত্তোলন চেম্পিয়নশ্বিপত ৫৫ কিলোগ্ৰাম শাখাত সোণৰ পদক অৰ্জন কৰাৰ লগতে কোৰিয়াত অনুষ্ঠিত এছিয়ান ভাৰোত্তোলন চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰে। শেহতীয়াকৈ বিন্দিয়াৰাণী দেৱীয়ে ২৮ মাৰ্চ তাৰিখৰ পৰা ১১ এপ্ৰিল, ২০২৪ লৈকে থাইলেণ্ডৰ ফুকেটত অনুষ্ঠিত আইডব্লিউএফ বিশ্বকাপত ৫৫ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদকো লাভ কৰিবলৈ সক্ষম হয়।

আন্তৰ্জাতিক মানদণ্ডৰ অধিক খেলুৱৈ সৃষ্টিৰ লক্ষ্যৰে ক্ৰীড়া প্ৰতিযোগিতাৰ প্ৰসাৰণৰ বাবে এনএফআৰএছএৰ অধীনত ১২ টা ক্ৰীড়া একাডেমী আছে। এথলেটিকছ, আৰ্চাৰী, একুৱেটিকছ, বেডমিণ্টন, বাস্কেটবল, বক্সিং, ক্ৰিকেট, ফুটবল, লন টেনিছ, আত্মৰক্ষাৰ বাবে মাৰ্চিয়েল আৰ্টচ, ৱুচু আৰু কুং-ফুৰ দৰে ক্ৰীড়া প্ৰতিযোগিতাসমূহৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰা হয় আৰু ৪৭ জন প্ৰশিক্ষকৰ তত্বাৱধানত ভৱিষ্যতৰ সম্ভাৱ্য খেলুৱৈসকলৰ প্ৰায় ২০০০ জনক এই প্ৰশিক্ষকসকলৰ নেতৃত্বৰে প্ৰশিক্ষণ প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে ক্ৰিকেট ষ্টেডিয়ামৰ আন্তঃগাঁথনি পুনৰ বিকশিত কৰা হৈ আছে আৰু শীঘ্ৰেই নতুনকৈ পাঁচটা চেন্টাৰ উইকেট স্থাপন কৰা হ’ব আৰু সঠিক আলোকসজ্জাৰ সৈতে প্ৰস্তুতি চলি আছে। লগতে, সঠিক আলোকসজ্জাৰ সৈতে ২ টা এষ্ট্ৰো টাৰ্ফ উইকেটৰ লগতে এটা ক্ৰিকেট ইণ্ডোৰ হল নিৰ্মাণৰ কামো চলি আছে। ২ খন বাস্কেটবল কোৰ্ট, ১৮০০ খন আসন ক্ষমতাৰ সৈতে বহুমুখী এচি ইণ্ডোৰ হল, ৪ খন কোৰ্টৰ সৈতে বেডমিণ্টন হল, ৬ খন বোৰ্ডৰ সৈতে টেবুল টেনিছ হল, ড্ৰেছিং ৰুমৰ সৈতে ফুটবল ষ্টেডিয়াম, আন্তৰ্জাতিক মানদণ্ডৰ সা-সুবিধাৰ সৈতে বক্সিং ৰিং, চুইমিং পুল, ভাৰোত্তোলন আৰু পাৱাৰ লিফটিং ৰুম, আৰ্চাৰী এৰেনা, ২ খন ভলীবল কোৰ্ট, জিমনেচিয়াম হল, ৯ টা হোলৰ সৈতে আমিনগাঁৱত গল্ফ কোৰ্চ, ৩ খন চিনথেটিক কোৰ্ট আৰু ০১ খন ইনড’ৰ কোৰ্ট আৰু স্পৰ্টছ হোষ্টেলৰ লগতে ফিজিঅ’থেৰাপীৰ কক্ষও উন্নীত কৰা হৈছে। ক্ৰীড়া প্ৰশিক্ষণৰ বাবে এই সুবিধাসমূহ সাধাৰণ ৰাইজৰ বাবেও মুকলি আছে।