কলগাছিয়া ২২ ছেপ্তেম্বৰঃ বৰপেটাৰ সৰভোগৰ কামাৰগাওঁ স্থিত চিআৰপিএফৰ জি/১০ বেটেলিয়ানে স্বচ্ছতাই সেৱা কাৰ্যসূচী ৰূপায়ন কৰে৷ চিআৰপিএফৰ জি/১০ বেটেলিয়ানৰ এছিছটেন্ট কামাণ্ডেন্ট সুদেশ কুমাৰ আৰু আৰক্ষী বিষয়া বহুৰাণ ওৰাঙৰ নেতৃত্বত অৰ্ধ শতাধিক জোৱানে পুৱা ৮ বজাৰ পৰা ১১ বজালৈ কামাৰগাওঁ চিকিৎসালয়, খাৰিজা বিজনী ছোৱালী মধ্য ইংৰাজী বিদ্যালয়, কামাৰগাওঁ নিন্ম প্ৰাথমিক বিদ্যালয়ৰ লগতে স্থানীয় কেবাখনো বিদ্যালয়ত ছাফাই অভিযান চলায়। এছিছটেন্ট কামাণ্ডেন্ট সুদেশ কুমাৰে জানিবলৈ দিয়া মতে, কেন্দ্ৰীয় চৰকাৰৰ স্বচ্ছ ভাৰত মিছন অভিযানৰ আধাৰত এই চাফাই অভিযান ৰূপায়ন কৰা হয়৷ এই কাৰ্যসূচীৰ জড়িয়তে জনসাধাৰণৰ মাজত পৰিস্কাৰ পৰিচ্ছন্নতাৰ সম্পৰ্কে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে৷