তিতাবৰ, ২৩ ছেপ্টেম্বৰঃ শাৰদীয় দুৰ্গা পূজা সমাগত। মা দূর্গাক আদৰিবলৈ সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি চলিছে।  দোকান বজাৰ সকলোতে পূজাৰ বজাৰক লৈ ব্যাপক তৎপৰতা। এই তৎপৰতাৰ মাজতে কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহ’বলৈ তিতাবৰ যান বাহন নিয়ন্ত্ৰণ আৰক্ষীয়ে ব্যৱহাৰ কৰিছে কেঁকুৰা চেপা। পূজাৰ বজাৰ কৰিবলৈ গৈ য’তে ত’তে গাড়ী ৰখোৱাৰ ব্যাপক যান-জঁটৰ সমস্যাৰ সৃষ্টি হৈছে৷ যান-জঁটৰ সৃষ্টিৰ ফলত যাতে কোনো ভয়াবহ দুৰ্ঘটনা সংঘটিত নহয়, সেয়ে দুৰ্ঘটনা ৰোধ আৰু যান জঁট নিয়ন্ত্ৰণ কাৰণে তিতাবৰ আৰক্ষীয়ে কেঁকুৰা চেপাৰ সহায় লৈছে৷ তিতাবৰ আৰক্ষীয়ে পূজাৰ বজাৰ কৰিবলৈ অহা জনতাক গাড়ীসমূহ নিদিষ্ট স্থানত ৰখাই যান জঁটৰ সমস্যা সমাধানত সহায় কৰিবলৈ আহ্বান জনাইছে৷