নলবাৰী, ৩ জুনঃ ৰাজ্যত চাইবাৰ ক্ৰাইমৰ সংঘটিত হৈ থকাৰ সময়তে নলবাৰীৰ ঘগ্ৰাপাৰৰ এনে এক চাইবাৰ ক্ৰাইমৰ ঘটনা পোহৰলৈ আহিছে। নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ এগৰাকী লোকৰ SBI একাউন্টৰ পৰা কোনো দুষ্ট চক্ৰই কৌশলৰে উলিয়াই নিলে নগদ ৭৪ হাজাৰ টকা। চাৰিবাৰকৈ চক্ৰটোৱে কৌশলৰে সৰকালে আনোৱাৰ চৌধুৰী নামৰ শিক্ষক গৰাকীৰ একাউন্টৰ মুঠ ৭৪ হাজাৰ টকা। যোৱা ৩০-৩১ মে’ত নলবাৰীৰ এছবিআইত থকা আনোৱাৰ চৌধুৰীৰ 03486612359 নম্বৰৰ একাউন্টৰ পৰা চাইবাৰ অপৰাধীয়ে কৌশলৰে উলিয়াই নিলে নগদ ৭৪ হাজাৰ টকা। হঠাতে মোবাইলত ধন উলিওৱা মেছেজ পাই আচৰিত হৈ পৰে শিক্ষক চৌধুৰী। উল্লেখ্য যে, নতুন দিল্লীৰ পৰা একাউন্ট হেক কৰা হেকাৰ চক্ৰটোৱে চাৰিবাৰত আনোৱাৰ চৌধুৰীৰ একাউন্টৰ পৰা এই টকা উলিয়াইছে। ইয়াৰ ভিতৰত মমী বৰা নামৰ এগৰাকী লোকৰ একাউন্টলৈ ৪০ হাজাৰ টকা ট্ৰেঞ্চফাৰ কৰা মেছেজত দেখুৱা হৈছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত ঘগ্ৰাপাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে আনোৱাৰ চৌধুৰীয়ে। আৰক্ষীয়েও এজাহাৰৰ ভিত্তিত আৰম্ভ কৰিছে তদন্ত। কিন্তু ৰাজ্যত শেহতীয়াভাৱে বৃদ্ধি পোৱা এনেধৰণৰ চাইবাৰ অপৰাধী সকলক প্ৰশাসনে নাকি লগাব পাৰিবনে?