সোণাপুৰ/মানিকপুৰ ৩ জুনঃ সোণাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কলেজ গেটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাত দুগৰাকী মহিলা থিতাতে নিহত হোৱাৰ লগতে এগৰাকী মহিলা গুৰুত্বৰ ভাবে আহত হয়৷ প্ৰাপ্ত তথ্য অনুহৰি, সোণাপুৰৰ বৰখাট গাঁও পঞ্চায়তৰ এখন সভাত অংশগ্ৰহণ কৰি বিয়লি ৪ বজাত মহিলাকেইগৰাকী খোজকাঢ়ি আহি থাকোতে জাগীৰোডৰ পৰা গুৱাহাটীৰ অভিমুখী এএছ ০১ বি এফ ১২২০ নম্বৰৰ টয়োটা গাড়ীখনে খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়৷ নিহত মহিলা দুগৰাকী ক্ৰমে জুনু দেউৰী(৪৮) আৰু ৰেবিজা তাঁতী(৪৫)৷ আনহাতে আহত মহিলাগৰাকী চত্তিকা বড়ো(৫০)৷ আহত চত্তিকা বড়োক বৰ্তমান সৎকট জনক অৱস্থাত জিএমচিএইচত ভৰ্ত্তি কৰা হৈছে৷ আনহাতে, বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ডাঙাইগাঁওৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত আন এক পথ দুৰ্ঘটনা তিনিজন লোক গুৰুত্বৰ বাবে আহত হয়।  দুপৰীয়া ২ বজাত এএছ ১৭ ই ৬৫৫৫ নম্বৰৰ ছুইফট ডিজায়াৰ খনে প্ৰথমতে এএছ ১৯ এ ১১৫৪ নম্বৰৰ বাইক খনক খুন্দিয়াই তাৰ পিছত ৰৈ থকা  এন এল ০১ কিউ ০২১২ নম্বৰৰ ট্ৰাকৰ পিছফালে খুন্দিয়াই৷ বাইক আৰোহী জন দুৰ্ঘটনাত কোনোমতে ৰক্ষা পৰে যদিও ছুইফট ডিজায়াৰ খনৰ আৰোহী তিনিজনৰ অৱস্থা সংকটজনক। বৰ্তমান আহত চাৰিওজনক বঙাইগাঁও ল’ৱাৰ আছাম চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে৷