গুৱাহাটী, ১৭ এপ্ৰিল, ২০২৬ : এপ’লো হস্পিটেলে (Apollo Hospital), গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথম মাইক্লিপ প্ৰক্ৰিয়া সফলভাৱে সম্পন্ন কৰি দেশৰ হৃদৰোগ চিকিৎসা ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্থাপন কৰিছে। এই স্ট্ৰাকচাৰেল হাৰ্ট থেৰাপীৰ প্ৰৱেশে স্বাস্থ্যসেৱা ক্ষেত্ৰত এক বৃহৎ অগ্ৰগতি প্ৰদৰ্শন কৰিলে। ডাঃ ঋতুপৰ্ণ বৰুৱা, জ্যেষ্ঠ ইণ্টাৰভেনশ্যনেল কাৰ্ডিঅ’ল’জিষ্ট আৰু কাৰ্ডিঅ’ল’জি বিভাগৰ মুৰব্বীয়ে এই থেৰাপী প্ৰক্ৰিয়াৰ নেতৃত্ব দি অঞ্চলটোত এই উদ্যোগ সফল কৰি তুলিলে।

এই প্ৰক্ৰিয়াত সহায় কৰে ডাঃ দিৱ্য জ্যোতি দত্ত, ডাঃ চন্দ্ৰ কুমাৰ দাস আৰু ডাঃ চন্দ্ৰ প্ৰকাশ ঠাকুৰে। এই প্ৰক্ৰিয়াই ক্লিনিকেল উৎকৃষ্টতাৰ লগতে উত্তৰ-পূবৰ ৰোগীসকলৰ বাবে বিশ্বৰ শ্ৰেষ্ঠ হৃদৰোগ চিকিৎসা কাষ চাপাই অনাৰ ক্ষেত্ৰত হস্পিটেলৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে। অতিকৈ বিপদজনক আৰু জটিল হৃদৰোগৰ অৱস্থাত ৰোগীজনৰ মাইক্লিপ প্ৰক্ৰিয়া কৰা হ’ল, য’ত মিনিমেলী ইনভেচিভ ট্ৰান্সকেথেটাৰ এজ-টু-এজ ৰিপেয়াৰ (টিইএআৰ) থেৰাপী ব্যৱহাৰ কৰা হৈছিল।

টিইএআৰ থেৰাপীয়ে গুৰুতৰ মাইট্ৰেল ৰেগাৰ্জিটেচন (মাইট্ৰেল ভালভৰে বিপৰীত তেজৰ সোঁত)ৰ দৰে জটিল চিকিৎসা অৱস্থাৰ চিকিৎসা কৰে। প্ৰক্ৰিয়া নিৰাপদ আৰু সফলভাৱে সম্পন্ন হোৱাৰ পিছত ৰোগীজনক সুস্থ অৱস্থাত ছুটি দিয়া হ’ল। এই উন্নত প্ৰক্ৰিয়া নিৰাপদ আৰু ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে আৰু ই হৃদৰোগ চিকিৎসাত এক পৰিৱর্তন আনিছে। এই প্ৰক্ৰিয়াত মূলতঃ ভাৰতত বিকশিত কৰা এটা যন্ত্ৰ ব্যৱহাৰ কৰা হৈছিল, যিয়ে এই অগ্ৰগতিক আৰু অধিক তাৎপৰ্যপূৰ্ণ কৰি তুলিছে।

ইয়েই প্ৰমাণ কৰে যে ভাৰতৰ চিকিৎসা ব্যৱস্থা কাৰিকৰী অগ্ৰগতিৰ সৈতে ক্রমাগতভাৱে বিকশিত হৈ আছে। এই উন্নত চিকিৎসা পদ্ধতি হৃদৰোগ চিকিৎসাত গ্ৰহণ কৰি, ভাৰতেই দেখুৱাইছে কেনেকৈ ইয়াৰ চিকিৎসা প্ৰযুক্তিৰ ৰূপান্তৰে দেশৰ অতি দূৰৱৰ্তী অঞ্চলসমূহলৈকে প্ৰসাৰিত হৈ অধিক ৰোগীৰ বাবে স্বাস্থ্যসেৱা সুলভ আৰু সহজলভ্য কৰি তুলিছে। এই সাফল্যৰ বিষয়ে মন্তব্য কৰি ডাঃ ঋতুপৰ্ণ বৰুৱাই ক’লে, মাইক্লিপ প্ৰক্ৰিয়াৰ ব্যৱহাৰ কেৱল হস্পিটেলৰ বাবে নহয়, সমগ্ৰ উত্তৰ-পূব অঞ্চল আৰু দেশৰ বাবে এক গৌৰৱৰ মুহূৰ্ত।

হৃদৰোগ চিকিৎসাত এই চিকিৎসা অগ্ৰগতিয়ে দেখুৱাইছে যে দেশীয় উদ্ভাৱনসমূহে ৰোগীৰ চিকিৎসা সেৱা কেনেকৈ পৰিৱর্তন কৰিছে আৰু স্বাস্থ্যসেৱাৰ ব্যৱধান দূৰ কৰিছে। এই সাফল্যই অঞ্চলটোত আধুনিক চিকিৎসাৰ নেতৃত্বৰ লগতে সংকটজনক ৰোগীসকলৰ বাবে মিনিমেলী ইনভেচিভ হৃদৰোগ থেৰাপীৰ সম্প্ৰসাৰণক প্ৰতিনিধিত্ব কৰে। এই সফল আৰম্ভণিৰ জৰিয়তে আমি হেল্থকেয়াৰ প্ৰযুক্তিত ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ দিশে গৌৰৱৰে আগবাঢ়িছোঁ। এপ’লো হস্পিটেলসমূহে উন্নত হৃদৰোগ চিকিৎসাত নতুন মানদণ্ড স্থাপন কৰাত প্ৰতিশ্ৰুতিবদ্ধ। মাইক্লিপ প্ৰক্ৰিয়াৰ সফলতাৰ ভিত্তিত ই ভৱিষ্যতে আৰু অধিক চিকিৎসা উদ্ভাৱনৰ পথ মুকলি কৰিব।