গুৱাহাটী, ২৬ নৱেম্বৰ, ২০২৩ : মহানগৰীত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ। মহানগৰী গুৱাহাটীৰ (Guwahati) হেঙেৰাবাৰী অঞ্চলত ৰহস্যজনক অৱস্থাত উদ্ধাৰ ধেমাজিৰ যুৱতীৰ মৃতদেহ। যুৱতী গৰাকীৰ মৃত্যুৰ কাৰণ বর্তমানলৈকে জানিব পৰা হোৱা নাই। ঘটনাস্থলীত আৰক্ষী আৰু ফৰেনছিকৰ দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। যুৱতী গৰাকীৰ বনকৰা মহিলাক আটক।

মহানগৰী গুৱাহাটীত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মহানগৰীৰ হেঙেৰাবাৰী অঞ্চলত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে যুৱতী গৰাকীৰ মৃতদেহ। হেঙেৰাবাৰী অঞ্চলৰ অমৃত উদ্যানৰ সন্মুখৰ এটা ভাড়া ঘৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে যুৱতী গৰাকীৰ মৃতদেহ। যুৱতী গৰাকীৰ মৃত্যুৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। ঘটনাস্থলীত দিছপুৰ আৰক্ষীৰ লগতে ফৰেনছিকৰ এটা দল উপস্থিত হৈছে তদন্ত অব্যাহত ৰাখিছে।

জানিব পৰা মতে, মৃত যুৱতী গৰাকীৰ নাম অনুষ্কা শইকীয়া। যুৱতী গৰাকী ধেমাজিৰ বুলি জানিব পৰা গৈছে। হেঙেৰাবাৰী অঞ্চলৰ অমৃত উদ্যানৰ সন্মুখৰ এটা ভাড়া ঘৰত থকা ধেমাজিৰ যুৱতী গৰাকী এখন বিউটি পাৰ্লাৰত কৰ্মৰত হৈ আছিল। এবছৰ পূৰ্বে ধেমাজিৰ পৰা গুৱাহাটীলৈ আহি এখন বিউটি পাৰ্লাৰত কাম কৰি আছিল অনুষ্কা শইকীয়া নামৰ যুৱতী গৰাকী। যুৱতী গৰাকীক হত্যা কৰা হৈছে নে যুৱতী গৰাকীয়ে আত্মহত্যা কৰিছে এতিয়াও পোহৰলৈ অহা নাই।

আৰক্ষীৰ তদন্তৰ পিছতে যুৱতী গৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব। জানিব পৰা মতে, জোন বৰা নামৰ এগৰাকী মহিলা মৃত অনুষ্কা শইকীয়াৰ লগত বনকৰা হিচাপে আছিল। আৰক্ষীয়ে ইতিমধ্যে তদন্তৰ বাবে জোন বৰা নামৰ বনকৰা মহিলা গৰাকীক আটক কৰিছে। এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ হেঙেৰাবাৰী অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।