নিউজ ডেস্ক, ২৫ নৱেম্বৰ, ২০২৩ : অবৈধ প্ৰব্ৰজনকাৰীৰ (Illegal Immigrants) বিৰুদ্ধে ৰে’লৱে সুৰক্ষা বাহিনীৰ অভিযান। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ অভিযানকালত দহজন অবৈধ প্ৰব্ৰজনকাৰী আটক। অবৈধ প্ৰব্ৰজনকাৰী কেইজনৰ লগতে প্ৰব্ৰজনকাৰী কেইজনক ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰাত সহায় কৰা দুজন লোকক আটক। অবৈধ প্ৰব্ৰজনকাৰী কেইজন বাংলাদেশৰ নাগৰিক।

উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে ইয়াৰ সংমণ্ডলৰ অধীনত পুনৰবাৰ অবৈধ প্ৰব্ৰজনৰ দিশত তাৎক্ষণিক অনুসন্ধান আৰু অভিযানৰ চলাই কৰ্মকৌশলতাক প্ৰমাণ কৰে। চলিত সপ্তাহত ৰে’লৱে সুৰক্ষা বাহিনীয়ে নিয়মীয়া পৰীক্ষণ আৰু অভিযানৰ সময়ত আগৰতলা ৰে’ল ষ্টেচনৰ পৰা দহজন অবৈধ বাংলাদেশী নাগৰিকৰ লগতে বাংলাদেশী প্ৰব্ৰজনকাৰীসকলক সহায় কৰাত জড়িত থকা দুজন ভাৰতীয় এজেণ্টক আটক কৰে। ২১ নৱেম্বৰত, নিয়মীয়া পৰীক্ষণ আৰু অভিযানৰ সময়ত, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ আগৰতলা পোষ্টৰ ৰে’লৱে সুৰক্ষা বাহিনী আৰু জিআৰপি দলৰ এটা যুটীয়া দলে বিএছএফ জোৱানৰ সৈতে আগৰতলা ৰে’ল ষ্টেচনৰ পৰা ০৩ জন অবৈধ পুৰুষ বাংলাদেশী প্ৰব্ৰজনকাৰীক আটক কৰে।

অভিযানকালত ভাৰতীয় পৰিচয় থকা এজন এজেণ্টকো আটক কৰা হৈছিল যি ভাৰতীয় সীমাৰেখা অতিক্ৰম কৰা অবৈধ প্ৰব্ৰজনকাৰীসকলক সহায় কৰাত জড়িত আছিল। পিছত, আটক কৰা লোককেইজনক পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণৰ বাবে আগৰতলাৰ অ’চি/জিআৰপিৰ হাতত চমজাই দিয়া হয়। ২৩ নৱেম্বৰত পুনৰ পৰীক্ষণ আৰু অভিযানৰ সময়ত, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ আগৰতলাৰ ৰে’লৱে সুৰক্ষা বাহিনী আৰু জিআৰপি দলে আগৰতলা ৰে’ল ষ্টেচনৰ পৰা সাতজন অবৈধ বাংলাদেশী প্ৰব্ৰজনকাৰীৰ লগতে প্ৰব্ৰজন প্ৰক্ৰিয়াত সহায় কৰা এজন ভাৰতীয় এজেণ্টক আটক কৰে।

আটক কৰা লোককেইজনক পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণৰ আগৰতলাৰ জিআৰপি হাতত চমজাই দিয়া হয়। ৰে’লৱে অধিক্ষেত্ৰৰ অন্তৰ্গত এনে অবৈধ কাৰ্যকলাপ আৰু অনুপ্ৰৱেশ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ৰে’লৱে সুৰক্ষা বাহিনীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, এনেদৰে ৰে’ল যাত্ৰীসকলৰ বাবে ৰে’লৱে পৰিসৰ সুৰক্ষিত আৰু নিৰাপদ কৰি তোলে।